JayantaMallaBaruah । সামাজিক মাধ্যমত এক টেলিফোনিক বাৰ্তালাপৰ অডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পাছতেই যোৰহাট বন সংমণ্ডলৰ ফৰেষ্টাৰ-২ মন্টু হাজৰিকাক তাৎক্ষণিকভাৱে কৰ্তব্যৰ পৰা নিলম্বন কৰা হৈছে।

ভাইৰেল হোৱা অডিঅ’ ক্লিপটোত সংশ্লিষ্ট বনকৰ্মীগৰাকীৰ বিৰুদ্ধে অনিয়ম আৰু নীতিবহিৰ্ভূত কাৰ্যকলাপৰ অভিযোগ উত্থাপিত হোৱাত বিষয়টোৱে ব্যাপক চৰ্চাৰ সৃষ্টি কৰে।
জানিব পৰা মতে, এই অডিঅ’ ক্লিপটো অসমৰ পৰিৱেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে তেওঁ ঘটনাটোক অতি গুৰুত্বসহকাৰে লৈ বিভাগীয় বিষয়াসকলক অভিযুক্ত বনকৰ্মীজনৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে।

বন মন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই যোৰহাট বন সংমণ্ডলৰ সংমণ্ডল বন বিষয়া (DFO)-ই এক চৰকাৰী নিৰ্দেশ জাৰি কৰি বিভাগীয় তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ফৰেষ্টাৰ-২ মন্টু হাজৰিকাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে।
বিভাগীয় সূত্ৰই জনোৱা মতে, ঘটনাটোৰ ওপৰত পূৰ্ণাংগ তদন্ত আৰম্ভ কৰা হৈছে। তদন্তৰ প্ৰতিবেদন লাভ কৰাৰ পাছত অভিযুক্তৰ বিৰুদ্ধে প্ৰযোজ্য নিয়ম অনুসৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
উল্লেখ্য যে, সামাজিক মাধ্যমত ভাইৰেল হোৱা উক্ত অডিঅ’ ক্লিপটোৰ সত্যাসত্য সম্পৰ্কে বিভাগীয় তদন্ত অব্যাহত আছে। অভিযোগসমূহৰ সত্যতা তদন্তৰ অন্ততহে স্পষ্ট হ’ব।
