বিয়াৰ প্ৰলোভন দি মহিলাক যৌন শোষণৰ অভিযোগ: ওদালগুৰিত পুৰোহিতৰ বিৰুদ্ধে চাঞ্চল্য। Purohit

বিয়াৰ প্ৰলোভন দি মহিলাক যৌন শোষণৰ অভিযোগ: ওদালগুৰিত পুৰোহিতৰ বিৰুদ্ধে চাঞ্চল্য। Purohit

Purohit বিয়াৰ প্ৰলোভন দি মহিলাক যৌন শোষণৰ অভিযোগ: ওদালগুৰিত পুৰোহিতৰ বিৰুদ্ধে চাঞ্চল্য

ওদালগুৰি জিলাৰ নালাপাৰা অঞ্চলত এগৰাকী পুৰোহিতৰ বিৰুদ্ধে বিবাহ বিচ্ছেদ হোৱা এগৰাকী মহিলাক বিয়াৰ প্ৰতিশ্ৰুতি দি অপহৰণ, কোঠাত আবদ্ধ কৰি যৌন শোষণ কৰাৰ অভিযোগ উত্থাপিত হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি, পুৰোহিত ৰিংকু শৰ্মাই প্ৰেম আৰু বিবাহৰ প্ৰতিশ্ৰুতিৰে মহিলাগৰাকীৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ পিছত তেওঁক নিজৰ নিয়ন্ত্ৰণত ৰাখি তিনি দিন ধৰি এটা কোঠাত আবদ্ধ কৰি উপৰ্যুপৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

ভুক্তভোগী মহিলাৰ অভিযোগ অনুসৰি, অভিযুক্তই বিবাহৰ আশ্বাস দি তেওঁক বিভিন্ন প্ৰলোভন দেখুৱাইছিল। পিছত তেওঁক জোৰপূৰ্বক আবদ্ধ কৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা হয় বুলি অভিযোগ কৰিছে।

ঘটনাটো পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় লোকে ঘটনাটোৰ সঠিক তদন্ত কৰি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

ইফালে, আৰক্ষীয়ে অভিযোগৰ ভিত্তিত ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। অভিযোগসমূহৰ সত্যতা আৰু ঘটনাৰ সম্পূৰ্ণ পৰিস্থিতি তদন্তৰ অন্ততহে স্পষ্ট হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top