নগাঁও, ১৬ জুন: MIYA । অসম-মিঞা (অসমীয়া) পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতিৰ সহযোগত আজি মাগুৰমাৰী নতুন বজাৰস্থিত আলম মাৰ্কেটত ভৱিষ্যৎ কাৰ্যপন্থা উদ্ভাৱনৰ লক্ষ্যেৰে এখন চিন্তন বৈঠক অনুষ্ঠিত হয়।
সভাটোত সভাপতিত্ব কৰে পৰিষদৰ নগাঁও জিলা সভাপতি শ্বেখ আব্দুল্লাহ বাহাৰে। সভাত উপস্থিত থাকে পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম. আব্দুল বাতিন, প্ৰতিষ্ঠাপক সভাপতি এম. জি. হাজৰিকা, নগাঁও জিলাৰ সাধাৰণ সম্পাদক ড. আশ্ৰাফুল আলম, লগতে অঞ্চলটোৰ বিশিষ্ট গণ্যমান্য ব্যক্তিসকল।
এই গাম্ভীৰ্যপূৰ্ণ বৈঠকৰ লগত লগত, কেন্দ্ৰীয় সভাপতিক উপস্থিত ৰাখি এখন নতুন আঞ্চলিক সমিতি গঠন কৰা হয়। এই নতুন সমিতিৰ সভাপতি হিচাপে শুৰুজ আলীক আৰু সাধাৰণ সম্পাদক হিচাপে আজমল হুছেইনক দায়িত্ব অর্পণ কৰা হয়।
পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় সভাপতি এম. আব্দুল বাতিনে চৰকাৰক আহ্বান জনাই কয় যে, “উচ্ছেদিতা সকল বৈধ ভাৰতীয় নাগৰিক। তেওঁলোকক ন্যায়সঙ্গতভাৱে পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব।” লগতে তেওঁ কয়, “NRC খন মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাবধানত আৰু Latest Scientific Method ৰ আধাৰত প্ৰস্তুত হোৱা এটি নথি, সেয়া শুদ্ধ আৰু নিখুঁত।”
