ড্ৰ’ণ বা মিছাইল নহয়! মোবাইল ফোনেৰে ইজৰাইলৰ আক্ৰমণ — ইৰাণত শিহৰণকাৰী প্ৰযুক্তি যুদ্ধ । Iran Israel war 

ড্ৰ’ণ বা মিছাইল নহয়! মোবাইল ফোনেৰে ইজৰাইলৰ আক্ৰমণ — ইৰাণত শিহৰণকাৰী প্ৰযুক্তি যুদ্ধ । Iran Israel war 

১৬ জুন, ২০২৫ঃIran Israel war ইজৰাইল-ইৰাণৰ মাজত চলি থকা উত্তেজনাই এতিয়া এক নতুন আকাৰ লৈছে। ইমানদিন ধৰি মিছাইল আৰু ড্ৰ’ণৰ জৰিয়তে চলি থকা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ বাহিৰে এতিয়া যুদ্ধক্ষেত্ৰত যোগ হৈছে এক অতি গোপন, কল্পনাতীত আৰু উচ্চ প্ৰযুক্তিসম্পন্ন অস্ত্ৰ — মোবাইল ফোন।

ফাৰ্চ নিউজ এজেন্সীৰ উদ্ধৃতিৰে প্ৰকাশ পোৱা এক গম্ভীৰ প্ৰতিবেদন অনুসৰি, ইজৰাইলে এতিয়া ইৰাণৰ সেনা বিষয়া তথা ৰাজনৈতিক নেতৃত্বক লক্ষ্য কৰি মোবাইল ফোনৰ লোকেশ্যন ট্ৰেকিং প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। সন্দেহ কৰা হৈছে যে, ইজৰাইলে এই কৌশলৰে কেইবাজনো উচ্চপদস্থ ইৰাণী বিষয়া, আৰু নিহত পাৰমাণৱিক বিজ্ঞানীসকলৰ লোকেশ্যন শনাক্ত কৰি হত্যাকাণ্ড সংগঠিত কৰিছে।

প্ৰতিবেদনটোৰ মতে, হামাছৰ সৈতে জড়িত ইছমাইল হানিয়েহৰ মৃত্যুৰ ক্ষেত্ৰতো এনে এক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে। বিশেষকৈ ইজৰাইলৰ গুপ্তচৰ সংস্থা মছাদই এই ধৰণৰ কার্যকলাপত জড়িত হৈ থাকিব পাৰে বুলি মন্তব্য কৰিছে কিছুমান গৱেষক তথা ৰাজনৈতিক বিশ্লেষকে।

ইয়াত উল্লেখযোগ্য বিষয় হ’ল — ফোন বন্ধ হৈ থাকিলেও লোকেশ্যন ট্ৰেক কৰা সম্ভৱ হয়, বিশেষকৈ যদি ব্যক্তি বিশেষে সভা, বৈঠক বা বিশেষ স্থানত উপস্থিত থাকে। এই সন্দৰ্ভত ইৰাণৰ এজন সাংসদে সেনা আৰু চৰকাৰী বিষয়া সকলক আহ্বান জনাইছে — ব্যক্তিগত আৰু চৰকাৰী মোবাইল ফোন একত্ৰিত কৰি থোৱাৰ বাবে, যাতে ইজৰাইলে তথ্য লাভ কৰিব নোৱাৰে।

ইয়াৰ লগতে ইৰাণৰ পৰা ইজৰাইলৰ ওপৰত বেলিষ্টিক মিছাইল নিক্ষেপ আৰু ‘অপাৰেচন ট্ৰু প্ৰমিজ’ নামৰ নতুন অভিযানৰ ঘোষণাই যুদ্ধক্ষেত্ৰ অধিক জটিল আৰু ধ্বংসাত্মক কৰি তুলিছে। সোমবাৰে পুৱা ইৰাণে মধ্য ইজৰাইলৰ ওপৰত ৪টা মিছাইল নিক্ষেপ কৰাৰ পাছতে ইজৰাইলেও প্রতিঘাতমূলক প্ৰতিক্ৰিয়া দেখুৱাইছে।

এই প্ৰযুক্তি-ভিত্তিক নতুন যুদ্ধকৌশলে বিশ্ব ৰাজনীতিত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি অনুমান কৰা হৈছে। যুদ্ধ এতিয়া কেৱল অস্ত্ৰ-শস্ত্ৰৰ খেল নহয়, ডিজিটেল গেৰুৱাৰও ৰূপ লৈছে। ফলত এই শীতল যুদ্ধৰ পৰিণতি কিমান দূৰলৈ যাব, সেয়া সময়হে নিৰ্ণয় কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top