DGP । ধুবুৰীত সংঘটিত হোৱা সাম্প্ৰতিক ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সঁকীয়াকৈ হস্তক্ষেপ আৰু নিৰ্দেশৰ পাছতেই আজি নিশা ধুবুৰীত কটাব আৰক্ষী সঞ্চালক প্ৰধান (DGP) হৰমীত সিঙে। নিজে পৰ্যবেক্ষণ কৰিব ধুবুৰীৰ আইন-শৃংখলা পৰিস্থিতি। তেওঁ কৈছে যে বৰ্তমান পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে আৰু কোনো অপৰাধীয়ে অপৰাধ কৰি সাৰি যাব নোৱাৰিব। উৰা বাতৰি বিয়পোৱা লোকসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিছে DGP-এ।

ধুবুৰীত উপস্থিত হোৱাৰ পাছত DGP হৰমীত সিঙে ধুবুৰীৰ বিধায়ক নজৰুল হকৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। তেওঁ স্পষ্টকৈ কয় যে আইন-শৃংখলা ভংগ কৰাৰ যিকোনো প্ৰচেষ্টা সহ্য কৰা নহ’ব আৰু দোষীৰ বিৰুদ্ধে নিৰ্দয় ব্যৱস্থা লোৱা হ’ব। ধুবুৰীৰ খলিলপুৰত উদ্ধাৰ হোৱা হাড়-ডাল সম্পৰ্কে DGP-এ মন্তব্য কৰে যে সেয়া কেৱল প্লাষ্টিকৰ হাড় আছিল আৰু ৰাইজে ভ্ৰান্ত ধাৰণা নৰাখিবলৈ আহ্বান জনায়।
DGP-এ লগতে ৰাইজক কিবা সন্দেহজনক তথ্য থাকিলে পোনপটীয়াকৈ তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। নবীন বাংলা নামৰ উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধেও তদন্ত চলি আছে বুলি উল্লেখ কৰে।
ইপিনে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে স্পষ্টকৈ কৈছে যে চাপৰত ভগৱানৰ মূৰ্ত্তি ভাঙি দিয়া বুলি উলোৱা খবৰ এটা উৰা বাতৰি, সেয়া সত্য নহয়।
ধুবুৰী আৰক্ষী অতিথিশালা সভাকক্ষত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত অংশ লয় DGP হৰমীত সিঙে, ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে, বিধায়ক নজৰুল হক, লগতে স্থানীয় বয়োজেষ্ঠ লোক আৰু সমাজকৰ্মীসকলেও। এই বৈঠকৰ মূল উদ্দেশ্য আছিল ধুবুৰীৰ আইন-শৃংখলা পৰিস্থিতিৰ স্থিতি বুজ লোৱাটো।
সাম্প্ৰতিক ঘটনাক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰে সক্ৰিয়ভাৱে পদক্ষেপ লৈ থকা পৰিলক্ষিত হৈছে, আৰু ৰাজহুৱা শান্তি-সুৰক্ষাৰক্ষাৰ ক্ষেত্ৰত কোনো আপচ নাই বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।
