পুনৰ বিতৰ্কত কটন বিশ্ববিদ্যালয় : ছাত্ৰ অপহৰণৰ অভিযোগে , অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰাৰো চেষ্টা ! ।Cotton Hostel । Cotton Collage । Cotton University

পুনৰ বিতৰ্কত কটন বিশ্ববিদ্যালয় : ছাত্ৰ অপহৰণৰ অভিযোগে , অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰাৰো চেষ্টা ! ।Cotton Hostel । Cotton Collage । Cotton University

Cotton Hostel । Cotton Collage । Cotton University । পুনৰ বিতৰ্কত কটন বিশ্ববিদ্যালয় : ছাত্ৰ অপহৰণৰ অভিযোগে , অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰাৰো চেষ্টা !

কটন বিশ্ববিদ্যালয় আকৌ চাঞ্চল্যকৰ বিতৰ্কত জড়িত হৈছে। বিশ্ববিদ্যালয়ৰ SNBC হোষ্টেলৰ একাংশ ছাত্ৰৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত পাণবজাৰ আৰক্ষী থানাত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে।

অভিযোগ ৰুজু কৰিছে বিশ্ববিদ্যালয়ৰেই ছাত্ৰ দেৱাশিস বৰ্মনে। তেওঁৰ দাবী অনুসৰি, সোমবাৰে কটনৰ পৰিসৰত কিছুমান ছাত্ৰই তেওঁৰ ওপৰত মাৰপিট কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকিও দিয়ে। আনহাতে, কটনৰ ছাত্র একতা সভাৰ নিৰ্বাচনত অংশগ্ৰহণ নকৰিবলৈ দেৱাশিসক চাপ দিয়া হৈছিল বুলি অভিযোগ উত্থাপন হৈছে।

ইয়াৰ উপৰিও অভিযোগ কৰা হৈছে যে, দেৱাশিস বৰ্মনৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰাৰো চেষ্টা কৰা হৈছিল। গোচৰ ৰুজু হোৱাৰ পিছতে নিশাই আৰক্ষীয়ে হোষ্টেলত তদন্ত আৰম্ভ কৰে ।

এই ঘটনাই কটন বিশ্ববিদ্যালয়ৰ পৰিবেশ পুনৰবাৰ উত্তপ্ত কৰি তোলাৰ লগতে শংকিত কৰিছে অভিভাৱক সমাজক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top