শিৱসাগৰত যোগান বিভাগত ভিজিলেঞ্চৰ অভিযান : হাতে-লোটে ঘোচ লৈ আটক অধীক্ষক । Shivsagar ।cm vigilance

শিৱসাগৰত যোগান বিভাগত ভিজিলেঞ্চৰ অভিযান : হাতে-লোটে ঘোচ লৈ আটক অধীক্ষক । Shivsagar ।cm vigilance

Shivsagar ।cm vigilance । শিৱসাগৰত যোগান বিভাগত ভিজিলেঞ্চৰ অভিযান : হাতে-লোটে ঘোচ লৈ আটক অধীক্ষক

শিৱসাগৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু পৰিক্ৰমা বিভাগত আজি ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত অধীক্ষক নাগুইব খানক হাতে-লোটে ঘোচ লোৱা অৱস্থাত আটক কৰা হয়।

সূত্র অনুসৰি, ভিজিলেঞ্চৰ ১২ জনীয়া দলটোৱে অভিযানেৰে খানক আটক কৰে। ইয়াৰ পিছত ৬ জনীয়া বিশেষ দলে বিষয়াগৰাকীক কাৰ্যালয়তেই ব্যাপক সোধপোছ অব্যাহত ৰাখিছিল। পৰৱৰ্তী ধাপে গুৱাহাটীত লৈ যোৱা হৈছে নাগুইব খানক।

অভিযান সম্পন্ন হোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত অধীক্ষক নাগুইব খানে দাবী কৰে,
“মোৰ হাতত একো পইছা পোৱা নাই, মোক চক্ৰ এটা ফচোৱাইছে। মোৰ টেবুলৰ ডায়েৰীত পইছা লোকোৱাই থৈছিল।”

ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাৰ এই অভিযানত সমগ্ৰ শিৱসাগৰ জিলাত চাঞ্চল্য সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top