বিলাসী বাহনত উদ্ধাৰ চোৰাং গৰু । cow

বিলাসী বাহনত উদ্ধাৰ চোৰাং গৰু । cow

cow । car । বিলাসী বাহনত উদ্ধাৰ চোৰাং গৰু

cow । car নগাঁৱৰ ৰূপহীহাটৰ ঔঅনাত চোৰাং গৰু উদ্ধাৰৰ ঘটনা লৈ ব্যাপক উত্তেজনা সৃষ্টি হৈছে। স্থানীয় ৰাইজে ধৰা পেলায় AS01AR0987 নম্বৰৰ এখন বিলাসী বাহন।

সূত্র মতে, গৰু কঢ়িয়াই নিয়াৰ সময়তে বাহনখন বেয়া হৈ পথত থামিব লগা হয়। সুযোগক সদ্ব্যৱহাৰ কৰি চোৰৰ দলটিয়ে বাহন এৰি স্থানচ্যুত হয়। পলায়ন কৰাৰ পাছত স্থানীয় ৰাইজে বাহনৰ ভিতৰত দুটাকৈ গৰু উদ্ধাৰ কৰে।

ঘটনাস্থলীত উপস্থিত ৰাইজে বাহনখনে ভাঙি লণ্ডভণ্ড কৰে। স্থানীয়সকলে দাবী কৰিছে, বাহনৰ চালকজন ফৰিদুল বুলি চিনাক্ত কৰা হৈছে।

গাঁওবাসীৰ অভিযোগ অনুসৰি, ঔঅনাত প্ৰায় প্ৰতিদিনে চোৰে গৃহস্থৰ গোহালি উদং কৰি গৰু চুৰি কৰি নিয়াৰ ঘটনা সংঘটিত হৈ আহিছে। ঘটনাটোক লৈ এলাকায় তীব্ৰ ক্ষোভে জ্বলি উঠিছে।

ইপিনে, খবৰ পায়েই ৰূপহীহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top