Garuva Gogi । অসম কেবিনেটে গঠন কৰা বিশেষ তদন্তকাৰী গোটে (SIT) পাকিস্তান সংযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিস্তৃত প্ৰতিবেদন দাখিল কৰিছে। জনতা ভৱনত মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত এই প্ৰতিবেদন দাখিল কৰা হয়।

সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগক লৈ মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ মতে, ২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত অসম কেবিনেটে পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখ আৰু তেওঁৰ সহযোগীসকলৰ ভাৰতবিৰোধী কাৰ্যকলাপৰ তদন্তৰ বাবে এই SIT গঠন কৰা হৈছিল।

এই তদন্তৰ সময়ত আশ্চৰ্যজনক বহু তথ্য প্ৰকাশ পায়। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে, ‘‘এছ আই টিয়ে উদঘাটন কৰিছে যে আলী তৌকীৰ শ্বেখৰ বৃহত্তৰ ভাৰতবিৰোধী ষড়যন্ত্ৰত ভাৰতৰ এগৰাকী সাংসদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা এজন ব্ৰিটিছ নাগৰিকো জড়িত।’’

তদুপৰি পাকিস্তান চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে কেনেদৰে অসমৰ এজন সাংসদক তেওঁলোকৰ দেশলৈ ভ্ৰমণৰ বিশেষ সুবিধা প্ৰদান কৰিছিল, সেই বিষয়তো SIT ৰ তদন্তত প্ৰকাশ পাইছে।

মুখ্যমন্ত্ৰীৰ মতে, অসম চৰকাৰে এতিয়া এই বিস্তৃত প্ৰতিবেদন পৰ্যালোচনা কৰি কেবিনেটৰ সন্মুখত উত্থাপন কৰিব। তাৰ পিছত কেবিনেটত আলোচনা কৰি তদন্তৰ সময়ত সংগ্ৰহ কৰা তথ্যসমূহ ৰাজহুৱা কৰা হ’ব।
যদিও মুখ্যমন্ত্ৰীয়ে নাম স্পষ্টকৈ উল্লেখ কৰা নাই, তথাপি সমগ্ৰ পৰিস্থিতি গৌৰৱ গগৈৰ ওপৰতে কেন্দ্ৰিত হৈ পৰিছে।

