Gowalpara । গোৱালপাৰা, মাটিয়া থানাৰ অন্তৰ্গত দোমনী গাঁও। পৰিয়ালৰ সপোন আৰু জীৱনযাত্ৰা আগবঢ়াবলৈ দিন হাজিৰা কৰি উপাৰ্জন কৰি অহা ধনঞ্জয় নাথ নামৰ এজন যুৱক এতিয়া পৰিয়াল মিলনৰ আশাত আদালতৰ দুৱাৰ চাপিবলৈ বাধ্য হৈছে।

ধনঞ্জয়ে ২০২৩ চনত সামাজিক ভাৱে বিয়া পাতি পুত্ৰ সন্তানের পিতা হৈছিল। কিন্তু বিয়াৰ কিছুদিন পাছতেই পত্নীয়ে কণমানি পুত্ৰক লৈ নিজৰ মাকৰ ঘৰলৈ ফুৰিবলৈ গৈ উভতি আহিবলৈ অস্বীকাৰ কৰে। পুত্ৰ-পত্নীৰ অনুপস্থিতিত দিশেহৰা হৈ পৰে ধনঞ্জয়।

যুৱকজনৰ দাবী, পৰিয়াল একত্ৰিত হ’বলৈ বহু চেষ্টা কৰিছিল যদিও কোনো ফল লাভ নোহোৱাত উপায়ন্তৰ হৈ গোৱালপাৰা জিলা আদালতৰ শৰণাপন্ন হৈছে।
ধনঞ্জয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় –
“মই কেৱল মোৰ পত্নী আৰু পুত্ৰক ঘূৰাই অনাৰ বাবে কোৰ্টত ভৰষা ৰাখিছোঁ। মোৰ অন্য কোনো উদ্দেশ্য নাই।”
ধনঞ্জয়ৰ এই পদক্ষেপে সমগ্ৰ স্থানীয় সমাজতে চাঞ্চল্য সৃষ্টি কৰিছে। এতিয়া পত্নী-পুত্ৰক ঘূৰাই অনাৰ লড়াইত আদালতে কি ৰায় দিয়ে তাক লৈ ধনঞ্জয়সহ স্থানীয় ৰাইজে বাট চাই আছে।
