ACKSS । কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আজি গোলকগঞ্জত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (ACKSS) আৰু ধুবুৰী পশ্চিম জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল প্ৰতিবাদী জোঁৰ সমদল আয়োজন কৰা হয়।

চিলাৰায় মহাবিদ্যালয়ৰ পৰা জোঁৰ সমদলটি গোলকগঞ্জ টাউন অভিমুখে আগবাঢ়ি যায়। প্ৰতিবাদী সমদলত অংশগ্ৰহণকাৰীয়ে জোৰদাৰ শ্লোগানৰে নিজৰ দাবী সমূহ উত্থাপন কৰে।

ইফালে সমদলৰ আগবাঢ়া ৰোধ কৰিবলৈ আৰক্ষীয়ে বাধা প্ৰদান কৰে। পৰিস্থিতি উত্তপ্ত হোৱাৰ লগে লগে আৰক্ষীয়ে লাঠিচাৰ্জ কৰি প্ৰতিবাদকাৰীসমূহক নিয়ন্ত্ৰণৰ চেষ্টা কৰে।
প্ৰতিবাদকাৰীসকলে অভিযোগ তোলে যে, গণতান্ত্ৰিক অধিকাৰ হৰণ কৰি তেওঁলোকৰ ন্যায়সঙ্গত দাবীক দমন কৰিবলৈ চৰকাৰে প্ৰশাসন ব্যৱহাৰ কৰিছে। অন্যফালে আৰক্ষীসূত্ৰে জনোৱা মতে, আইনশৃঙ্খলা পৰিস্থিতি অস্থিৰ নহয় বুলি নিশ্চিত কৰিবলৈ বাধা প্ৰদান কৰা হৈছিল।
ঘটনাটোৱে সমগ্ৰ অঞ্চলত চাঞ্চল্য সৃষ্টিৰ লগতে কাইলৈ ধুবুৰী জিলাৰ ১২ ঘণ্টা বন্ধ দিয়ে ।
