MODI & GARUVA GOGOI । মণিপুৰৰ দুবছৰীয়া গোষ্ঠী সংঘৰ্ষ, নিহত শতাধিক, গৃহহীন অসংখ্য লোক। এই ভয়ংকৰ পৰিস্থিতিতো এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখন ভ্ৰমণ নকৰাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে কেন্দ্ৰ চৰকাৰ। শেহতীয়াকৈ প্ৰকাশিত তথ্য অনুসৰি অহা ১৩ ছেপ্টেম্বৰত মোদীৰ মণিপুৰ ভ্ৰমণৰ সম্ভাৱনা প্ৰকাশ পাইছে।

এই খবৰে কংগ্ৰেছক পুনৰ সৰৱ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে শুকুৰবাৰে সংবাদমাধ্যমৰ আগত প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি কৈছে—
“মোদীৰ এই ভ্ৰমণ দুবছৰ পূৰ্বেই হ’ব লাগিছিল। দীৰ্ঘদিন ৰাইজে অপেক্ষা কৰাৰ পাছত এতিয়া ভ্ৰমণ আৰম্ভ হ’লেও ইয়াক আমি মণিপুৰত শান্তি ঘূৰাই অনাৰ এক দীঘলীয়া যাত্ৰাৰ আৰম্ভণি হিচাপে ধৰি লব লাগিব।”
তেওঁ লগতে আঙুলিয়াই দিয়ে যে মণিপুৰত এতিয়াও কোনো নিৰ্বাচিত চৰকাৰ নাই, পৰিস্থিতিও স্বাভাৱিক নহয়। সেইবাবে প্ৰধানমন্ত্ৰীৰ আগন্তুক ভ্ৰমণক চূড়ান্ত পদক্ষেপ বুলি গণ্য কৰিব নোৱাৰি, বৰঞ্চ বহু পলমে আৰম্ভ হোৱা উদ্যোগ বুলি গণ্য কৰিব লাগিব।

গৌৰৱ গগৈয়ে মন্তব্য কৰে—
“ন্যায় পলম হোৱা মানে ন্যায় অস্বীকাৰ। মণিপুৰবাসী দুবছৰ ধৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰা বঞ্চিত হৈ আছে। সেয়ে আমি আশা কৰোঁ, প্ৰথমে মোদীয়ে মণিপুৰবাসীৰ ওচৰত ক্ষমা খুজিব।”
তেওঁ লগতে কয়, যেতিয়ালৈকে মণিপুৰবাসীৰ মাজত পুনৰ মিলন-সম্পৰ্ক স্থাপন নহয় আৰু তেওঁলোকৰ আকাংক্ষা পূৰণ নহয়, তেতিয়ালৈকে মাত্ৰ ভ্ৰমণে শান্তি স্থাপন কৰিব নোৱাৰে। বিজেপিয়ে এই বিষয় বুজি অগ্ৰগতিৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি কংগ্ৰেছ নেতাগৰাকীয়ে আহ্বান জনায়।
