“খানাপাৰাৰ মেট্ৰ’ হাস্পতালত ৰক্তৰ বেপাৰ! শিশুক তেজ দিয়াৰ নামত ধনৰ দালালি” ।  Metro Hospital

“খানাপাৰাৰ মেট্ৰ’ হাস্পতালত ৰক্তৰ বেপাৰ! শিশুক তেজ দিয়াৰ নামত ধনৰ দালালি” ।  Metro Hospital

 Metro Hospital । খানাপাৰাৰ মেট্ৰ’ হাস্পতালত পুনৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ৰোগীক তেজ দিয়াৰ নামত চলি আছে বেহা আৰু ধনৰ বেপাৰ। অভিযোগ অনুসৰি, হাস্পতালৰ চৌহদতেই কৰ্মচাৰীসকলে তেজৰ বাবে ধন লোৱাৰে পইচা আদায় কৰি আহিছে। এই দালালি নাকি হাস্পতালখনৰ স্বত্বাধিকাৰীৰ আত্মীয়ৰ দ্বাৰাই চলোৱা হৈছে।

হাতে-লোটে ধৰা পৰাৰ পিছতো সমগ্ৰ ঘটনাটো গোপন কৰাৰ চেষ্টা কৰা হৈছে বুলি জনাইছে স্থানীয় লোকে।

ইয়াৰ পূৰ্বেও মেট্ৰ’ হাস্পতাল বিভিন্ন কেলেংকাৰীৰ বাবে বিতর্কত আহিছিল। এজন ৰোগীৰ গোপন অংগ কাটি পেলোৱা ঘটনাতো সেই সময়ত তীব্ৰ সমালোচনাৰ সৃষ্টি কৰিছিল।

পুনৰো “ৰক্তদানৰ নামত ৰক্তৰ বেহা” ঘটনাই হাস্পতালখনক লৈ তীব্ৰ প্ৰশ্ন উত্থাপন কৰিছে।

👉 চিকিৎসা ক্ষেত্ৰৰ এইধৰণৰ ঘটনা চিকিৎসা নীতি-নৈতিকতাৰ ওপৰত গম্ভীৰ প্ৰশ্ন তুলি দিছে। আৰক্ষীৰ তদন্তৰ পিছত প্ৰকৃত সত্য পোহৰলৈ আহিব । এতিয়া সচেতন মহলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে গুৱাহাটীত একাংশ হাস্পতাল ৰোগীক তেজ দিয়াৰ নামত চলি আছে বেহা আৰু ধনৰ বেপাৰ !

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top