MIYA FISH । এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈছে বাংলাদেশৰ পৰা অহা অদ্ভুত নামৰ দুটা নতুন প্ৰজাতিৰ মাছ। মাছ দুটাৰ নাম দিয়া হৈছে – ৰৌমিঞা আৰু কাটলামিঞা।

বজাৰত উঠাৰ লগে লগে গ্ৰাহকৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে এই মাছ দুটাক লৈ। কিছুমানে মজা কৰি কৈছে, “বাংলাদেশী মিঞা মাছ এতিয়া আমাৰ থালিতো!” আনহাতে কিছুমান সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মাছ দুটাৰ ছবি শ্বেয়াৰ কৰি বিভিন্ন ব্যংগাত্মক মন্তব্য কৰিছে।
📌 স্থানীয় লোকৰ মতে –
- ৰৌমিঞা দেখতে ৰুই মাছৰ দৰে।
- কাটলামিঞা কাটল মাছৰ সদৃশ।
- দুয়োটা মাছেই বাংলাদেশৰ বজাৰৰ পৰা আহি উঠিছে স্থানীয় বজাৰত।

ইতিমধ্যে “মিঞা মাছ” নামটোৱেই চর্চাৰ বিষয় হৈ পৰিছে। মাছ দুটাৰ ছবি ফেচবুক, ৱাটছএপ, এক্স (টুইটাৰ) আদি মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।
অৱশ্য ইয়াৰ সত্যতা সময়তে গম পোৱা যাব ।
