independence day । বিশ্বনাথত জিলা প্ৰশাসনৰ উদ্যাগত শান্তিপূৰ্ণভাৱে 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়৷
কাৰ্যসূচী অনুসৰি পুৱা ৮.৫০ বজাত চেনীৰাম দাস শিশু উদ্যানস্হিত মহাত্মাগান্ধীৰ প্ৰতিমূৰ্তিত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।ইয়াৰ পিছতে
জিলা প্ৰশাসনৰ দ্বাৰা আয়োজন বিশ্বনাথ চাৰিআলিৰ কাছাৰী ময়দানত উদযাপন কৰা 79 সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্য অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা:ৰনোজ পেগুয়ে।

পতাকা উত্তোলন কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে কয় যে,বিশ্বনাথত
ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ ভাৰত ত্যাগ আন্দোলন সময়ত বিশ্বনাথে সমগ্ৰ ভাৰত বৰ্ষৰক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। শ্বহীদ কনকলতা বৰুৱা, শ্বহীদ মুকুন্দ কাকতিৰ দৰে মহান নেতা সকলে নিজকে আত্ম ত্যাগৰ জৰিয়তে সমগ্ৰ বিশ্বনাথক জিলিকাই তুলি এখন বিকশিত ভাৰতৰলৈ নিজকে বৰঙণি আগবাঢ়ি দিছিল বুলি উল্লেখ কৰে মন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে।
লগতে মন্ত্ৰী গৰাকীয়ে কয়
ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহ্বানত সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলা খনো বিকশিত ভাৰতৰ লগত খোজত খোজ মিলাই আগবাঢ়ি গৈছে। জিলা খনৰ মাজেৰে যোৱা চাৰিলাইন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথে এতিয়া সংযোগ কৰিছে ইখন জিলাৰ মাজত সিখন জিলাৰ। তাৰ ওপৰিও বিশ্বনাথ জিলা অধিনৰ গহপুৰত হ’বলৈ গৈ আছে এখন শ্বহীদ কনকলতা বৰুৱা নামত কনকলতা বিশ্ববিদ্যালয়ৰ, ২০২৬ চনত মুকলি হ’বলৈ গৈ আছে বিশ্বনাথ মেডিকেল কলেজ, ইঞ্জিনীয়াৰ কলেজ এয়া বিকশিত ভাৰত তথা অসমৰ অংশ বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।
আনহাতে সাংবাদিকে সোধা এক প্ৰশ্ন উত্তৰত শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগুয়ে কয় যে,
শিক্ষক সকলৰ বদলিকৰণৰন ক্ষেত্ৰত এখন আইন আছে ।
শিক্ষক চাকৰি ৰাজ্যিক ভিত্তিত নহয় পুলিচ চাকৰি হে ৰাজ্যিক ভিত্তিত।
পুলিচৰ চাকৰি অসমৰ যিকোনো ঠাইত বদলি হয় কিন্তু শিক্ষক চাকৰি জিলা ভিত্তিত গতিকে শিক্ষক সকলে প্ৰথমে নিজৰ জিলা নিজেই নিৰ্বাচন কৰি লয়,তাত কোনো চৰকাৰে জিলা জাপি নিদিয়ে তেওঁলোক ইচ্ছা অনুসৰি নিযুক্তি দিয়া হয় । তাৰ পিছত তেওঁ লোকে অলপ দিন চাকৰি কৰা পিছতে নিযুক্তি পোৱা জিলাত চাকৰি কৰিবলৈ অমান্তি হৈ পুনৰ বদলি হৈ অন্য এখন জিলালৈ যাবলৈ ইচ্ছা কৰে একাংশ শিক্ষকে।কিন্তু তেনে কৰিলে নহ’ব কাৰণ সেই ছাত্ৰ ছাত্রী ভৱিষ্যত কোনে চাব কাৰ হাতত গতাই দিব সেই কথাও চিন্তা কৰিব লাগে শিক্ষক সকলে।
তথাপিও এখন আইন আছে আইনৰ আছে শিক্ষক সকলৰ বদলি বাবে ।ইতিমধ্যে এই আইনৰ জড়িয়তে ৰাজ্যত 36 হাজাৰ শিক্ষকৰ বদলি হৈছে ভৱিষ্যত আইনৰ জড়িয়তে শিক্ষকৰ বদলি হৈ থাকিব বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।
ইফালে এই কাৰ্যসূচী লগত সংগতি ৰাখি জিলাৰ বহুকেইজন সমাজ কৰ্মী, মুক্তিযুজাৰু লগতে বিশিষ্ট ব্যক্তিক বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । লগতে অনুষ্ঠানত উপস্থিত থকা জিলা আয়ুক্ত, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ধৰি বিশিষ্ট ব্যক্তি সকল। আনহাতে ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ এই পেৰডত অংশগ্ৰহণ কৰে জিলা খনৰ কেইবাখনো বিদ্যালয় মহালয়া ছাত্র- ছাত্ৰীয়ে।আনহাতে জিলা খনৰ গহপুৰ সম-জিলা, হেলেম ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, বিহালী সম জিলাতো উদযাপন কৰা ৭৯ সংখ্যক স্বাধীনতা দিৱস।
