Modi | স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ আঁচনিৰ কথা ঘোষণা কৰে। এই আঁচনিৰ অধীনত যুৱক-যুৱতীয়ে ১৫ হাজাৰ টকা লাভ কৰিব ।

আজি দেশে পালন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বাদশবাৰৰ বাবে পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। মোদীয়ে এই সময়চোৱাত কেইবাটাও ডাঙৰ ঘোষণা কৰে। জি এছ টিৰ পৰ্যালোচনাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ যোজনা (pradhanmantri viksit bharat yojana)। মোদীয়ে জনাই যে, এই আঁচনিৰ অধীনত যুৱক-যুৱতীসকলক প্ৰথম চাকৰি পোৱাৰ লগে লগে ১৫ হাজাৰ টকাৰ প্ৰৰোচনা প্ৰদান কৰা হ’ব।এই আঁচনিৰ শুভ উদ্বোধন কৰি মোদীয়ে কয় যে, এয়া দেশৰযুৱক-যুৱতীসকলৰ বাবে এক ডাঙৰ খবৰ। আজি ১৫ আগষ্টত দেশৰ যুৱসকলৰ বাবে আমি এক লাখ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ কৰিছো।মোদীয়ে কয়, আজিৰ পৰা কাৰ্যকৰী হৈছে এই আঁচনি। ব্যক্তিগত খণ্ডত চাকৰি লাভ কৰা যুৱক-যুৱতীসকলে ১৫ হাজাৰ টকাকৈ চৰকাৰে প্ৰদান কৰিব। এই আঁচনিৰ অধীনত আগন্তুক ২ বছৰত ৩.৫ কোটিতকৈ অধিক চাকৰিৰ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।চৰ্ত কিএই আঁচনিখনৰ জৰিয়তে চৰকাৰে বিশেষকৈ উৎপাদন খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই আঁচনিৰ অধীনত কোনোৱে কোনো কোম্পানীত কাম কৰাৰ লগে লগে বা প্ৰথমবাৰৰ বাবে চাকৰি পোৱাৰ লগে লগে তেওঁলোকক এই ধনৰাশি দিয়া হ’ব। অৱশ্যে ইয়াৰ বাবে তেওঁলোকে কিছুমান চৰ্ত মানি চলিব লাগিব। ইয়াৰ অধীনত চাকৰি পোৱা যুৱক-যুৱতীসকলে কমেও ৬ মাহ সেই কোম্পানীত কাম কৰিব লাগিব। ইয়াৰ লগতে কোম্পানীটো ইপিএফঅ’ত পঞ্জীয়ন কৰাটোও প্ৰয়োজনীয়। এই সকলোবোৰ চৰ্ত পূৰণ কৰিলে এই ধনৰাশি পাব।
