Assam Chief Minister Himanta Biswa Sarma participated in Independence Day celebration at Khanapara । সকলোতে প্ৰকাশমান ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ সফলতা: খানাপাৰাত পতাকা উত্তোলন কৰি ক’লে মুখ্যমন্ত্ৰীয়ে

৭৯ সংখ্যক স্বাধীনতা দিৱসত দেশৰ লগতে অসমতো উলহ-মালহেৰে উদযাপন কৰা হয়। গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত ৰাজ্যৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন কৰে।

ভাষণত মুখ্যমন্ত্ৰীয়ে কৈছিল, প্ৰায় চাৰে চাৰি বছৰীয়া কাৰ্যকালত অসমবাসীক দিয়া প্ৰতিশ্ৰুতি বাস্তৱায়নৰ বাবে চৰকাৰে আত্মনিয়োগ কৰিছে আৰু ইয়াৰ ফলাফল এতিয়া সকলোৰে আগত প্ৰকাশ পাইছে। তেওঁ অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ এখন হিচাপে গঢ়ি তুলাৰ অঙ্গীকাৰ পুনৰ দোহৰে। খিলঞ্জীয়া অসমীয়া আৰু ভাৰতীয় নাগৰিকে নিজৰ মাটি-ভেটিত ভোগান্তি নোপোৱাকৈ পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে।

কেন্দ্ৰৰ সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত দীৰ্ঘতম দলং বগীবিল মুকলি হোৱাৰ কথা স্মৰণ কৰে। লগতে ফুলবাৰী দলং, গুৱাহাটী–উত্তৰ গুৱাহাটী দলং, পলাশবাৰী–শুৱালকুচি দলং, দ্বিতীয়খন শৰাইঘাট দলং আৰু যোৰহাট–মাজুলী দলং নিৰ্মাণৰ কামৰ উল্লেখ কৰে।

তেওঁ লগতে কয়, জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্প, গুৱাহাটীৰ ৰিং ৰোড, কলিয়াবৰ–নুমলীগড় এলিভেটেড কৰিডৰ, ব্ৰহ্মপুত্ৰৰ তলেৰে নুমলীগড়–গহপুৰ সুৰংগ পথ আদিৰ দৰে অভিলাষী প্ৰকল্প আগবাঢ়িছে। নুমলীগড়ত স্থাপন কৰা দেশৰ প্ৰথম জৈৱ শোধনাগাৰে বাঁহ খেতিয়কৰ বাবে সম্ভাৱনা সৃষ্টি কৰিছে বুলি তেওঁ উল্লেখ কৰে।
নামৰূপৰ সাৰ কাৰখানা, ৰে’ল বৈদ্যুতিকৰণ, গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল, ভাৰত–বাংলাদেশ প্ৰট’কল পথত মালবাহী জাহাজ চলাচল, পথ নিৰ্মাণ আদি উন্নয়নমূলক কামৰ তালিকাও তেওঁ আগবঢ়ায়। অসম এতিয়া দেশৰ তৃতীয় দ্ৰুততম বিকশিত ৰাজ্য বুলি মুখ্যমন্ত্ৰীয়ে দোহৰে।
চাৰি বছৰত ১১ হাজাৰৰো অধিক উগ্ৰপন্থীয়ে মূলসুঁতিলৈ উভতি অহাৰ লগতে সন্ত্ৰাসবাদ প্ৰায় নাইকিয়া হৈছে বুলি তেওঁ কয়। মহিলাৰ বিৰুদ্ধে অপৰাধ হ্ৰাস আৰু বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত সফলতা লাভৰ কথাও উল্লেখ কৰে।
নিযুক্তিৰ ক্ষেত্ৰত ১,২১,২৪০ গৰাকী যুৱক-যুৱতীক সম্পূৰ্ণ নিকা পদ্ধতিত চৰকাৰী চাকৰি প্ৰদান কৰা বুলি ঘোষণা কৰে। লগতে ভূমি বেদখলৰ বিৰুদ্ধে চৰকাৰৰ কটোৰ মনোভাৱ পুনৰ স্পষ্ট কৰি, বেদখলকাৰীৰ পৰা ভূমি মুক্ত নকৰালৈ ক্ষান্ত নহ’ব বুলি সতর্কবাণী দিয়ে।
