গুৱাহাটীৰ হোটেল বিলাস ইনত ভয়ংকৰ গুলীচালনা

গুৱাহাটীৰ হোটেল বিলাস ইনত ভয়ংকৰ গুলীচালনা

গুৱাহাটীৰ হোটেল বিলাস ইনত ভয়ংকৰ গুলীচালনা

গুলীচালনা কৰা অভিযুক্তক গ্ৰেপ্তাৰ, হোটেলৰ স্বত্বাধিকাৰী হেলেনা ভৰালী আৰু পুত্ৰ দেৱৰ্ষি কাশ্যপৰ মৃত্যু

গুৱাহাটী: মহানগৰীৰ লাচিত নগৰৰ বৰা ছাৰ্ভিছৰ সন্মুখত অৱস্থিত হোটেল বিলাস ইনত সংঘটিত ভয়ংকৰ গুলীচালনাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। এই গুলীচালনাৰ ঘটনাত হোটেলখনৰ স্বত্বাধিকাৰী হেলেনা ভৰালী আৰু তেওঁৰ পুত্ৰ দেৱৰ্ষি কাশ্যপৰ মৃত্যু হোৱা বুলি প্ৰাথমিক খবৰ পোৱা গৈছে। ইফালে, গুলীচালনা সংঘটিত কৰা অভিযুক্তক পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, লাচিত নগৰৰ বৰা ছাৰ্ভিছৰ সন্মুখত থকা এটা অট্টালিকাৰ প্ৰথম মহলাত অৱস্থিত হোটেল বিলাস ইনত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। ঘটনাটোৰ পিছতে সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

এই ঘটনাত এইপৰ্যন্ত দুগৰাকী মহিলাসহ পাঁচজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত হোটেলখনৰ স্বত্বাধিকাৰী হেলেনা ভৰালী, তেওঁৰ পুত্ৰ দেৱৰ্ষি কাশ্যপ আৰু হেলেনা ভৰালীৰ জ্যেষ্ঠ ভাতৃ ভূদেৱ ভৰালীৰ নাম প্ৰকাশ পাইছে। আনহাতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হোৱা আন এজন লোকক নাৰায়ণ দাস বুলি চিনাক্ত কৰা হৈছে।

ইফালে, গুলীচালনাৰ ঘটনাত সত্যেন্দ্ৰ পাঠক নামৰ এজন লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। হেলেনা ভৰালীৰ কন্যাও গুৰুতৰভাৱে আহত হোৱা বুলি প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে।

আনহাতে, ঘটনাটোৰ সৈতে জড়িত গুলীচালনা কৰা অভিযুক্তক পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে, গুলীচালনাৰ আঁৰৰ প্ৰকৃত কাৰণ, ঘটনাৰ সম্পূৰ্ণ পৰিস্থিতি আৰু অভিযুক্তৰ পৰিচয় সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

মহানগৰীৰ মাজমজিয়াত সংঘটিত এই ভয়ংকৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top