জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰঃ জামিনৰ পিছত চতুৰ্থবাৰৰ বাবে আদালতত অমৃতপ্ৰভা, প্ৰথমবাৰ হাজিৰ সন্দীপন গাৰ্গ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰঃ জামিনৰ পিছত চতুৰ্থবাৰৰ বাবে আদালতত অমৃতপ্ৰভা, প্ৰথমবাৰ হাজিৰ সন্দীপন গাৰ্গ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰঃ জামিনৰ পিছত চতুৰ্থবাৰৰ বাবে আদালতত অমৃতপ্ৰভা, প্ৰথমবাৰ হাজিৰ সন্দীপন গাৰ্গ

এতিয়াও মৌন অমৃতপ্ৰভা মহন্ত, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ আদালতৰ পৰা আঁতৰি গ’ল সন্দীপন গাৰ্গো

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ মৌনতা এতিয়াও অব্যাহত আছে। জামিন লাভ কৰাৰ পিছত সোমবাৰে চতুৰ্থবাৰৰ বাবে আদালতত হাজিৰ হয় অমৃতপ্ৰভা মহন্ত। আনহাতে, একেটা গোচৰত জামিন লাভ কৰা অভিযুক্ত সন্দীপন গাৰ্গো সোমবাৰে প্ৰথমবাৰৰ বাবে আদালতত হাজিৰ হয়।

পুৱা প্ৰায় ১০.৩০ বজাত আদালতৰ মূল দুৱাৰেৰে প্ৰৱেশ নকৰি আন এখন দুৱাৰেৰে আদালত চৌহদত সোমায় অমৃতপ্ৰভা মহন্ত। সংবাদ মাধ্যমৰ সন্মুখলৈ অহাৰ পৰা আঁতৰি থাকিবলৈ অধিবক্তাৰ সৈতে আদালতত প্ৰৱেশ কৰে অভিযুক্তগৰাকীয়ে।

উল্লেখ্য যে, ১৬ অক্টোবৰত জামিন লাভ কৰাৰ পিছত ১৯ অক্টোবৰত কাৰাগাৰৰ পৰা মুকলি হৈছিল সন্দীপন গাৰ্গ। পৰৱৰ্তী সময়ত দুৰ্গাপূজাৰ বাবে আদালত বন্ধ থকাৰ ফলত তেওঁ আদালতত হাজিৰ হ’ব পৰা নাছিল। সোমবাৰে দীঘল চুলি আৰু দাড়িৰে পিতৃৰ সৈতে আদালত চৌহদত প্ৰৱেশ কৰে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা গোচৰটোৰ অভিযুক্ত সন্দীপন গাৰ্গে।

প্ৰায় চাৰে তিনি ঘণ্টা আদালতত থকাৰ পিছত দুপৰীয়া ১.৩০ বজাত আদালতৰ পৰা ওলাই আহে দুয়োগৰাকী অভিযুক্ত। আদালতৰ পৰা ওলাই অহাৰ সময়তো দুয়োকে নীৰৱতা অৱলম্বন কৰা দেখা যায়।

সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈও এটাও শব্দ নোকোৱাকৈ আঁতৰি যায় সন্দীপন গাৰ্গ। আনহাতে, নিজৰ অধিবক্তাৰ আৱেষ্টনীৰ মাজেৰে আদালতৰ পৰা ওলাই যায় অমৃতপ্ৰভা মহন্ত।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ন্যায়ৰ দাবীত ৰাজ্যজুৰি চৰ্চা আৰু প্ৰতিবাদ অব্যাহত থকাৰ মাজতে গোচৰটোৰ অভিযুক্ত দুগৰাকীৰ আদালতত হাজিৰ হোৱাক লৈ বিশেষ চৰ্চা চলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top