Meghranjani Medhi । “মোক লৈ ব্যস্ত নহ’ব, অসমৰ পৰিস্থিতি বহুত গভীৰ” — বিতৰ্কৰ মাজতে মুখ খুলিলে অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে

অসমৰ বিধ্বংসী বান পৰিস্থিতিৰ সময়ত লণ্ডনৰ ৰাজপথত কথক নৃত্য পৰিৱেশন কৰি বানপীড়িতৰ বাবে সাহায্য সংগ্ৰহ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে প্ৰথমবাৰৰ বাবে নিজৰ স্থিতি স্পষ্ট কৰিছে অভিনেত্ৰী তথা নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে তেওঁ সমালোচনাৰ প্ৰত্যুত্তৰ দিয়াৰ লগতে এই সময়ত বিতৰ্কৰ সলনি বানপীড়িতসকলৰ কাষত থিয় হ’বলৈ সকলোকে আহ্বান জনাইছে।
উল্লেখ্য যে, অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে স্বামী তথা অভিনেতা নীল দাস আৰু ছাত্ৰী ইন্দ্ৰানীৰ সৈতে লণ্ডনৰ ৰাজপথত ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত **‘মানুহে মানুহৰ বাবে’**ৰ সৈতে কথক নৃত্য পৰিৱেশন কৰি অসমৰ বানপীড়িতসকলৰ বাবে ধন সংগ্ৰহ কৰিছিল। এই কাৰ্যসূচীৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। একাংশই এই প্ৰচেষ্টাক প্ৰশংসা কৰাৰ বিপৰীতে আন একাংশই ইয়াক অসমৰ ভাবমূৰ্তি ক্ষুণ্ণ কৰা বুলি সমালোচনা কৰে।
বিতৰ্কৰ অন্তত ভিডিঅ’ বাৰ্তাত মেঘৰঞ্জনী মেধিয়ে কয়, “আপোনালোকে এইখিনি সময়ত মোক লৈ ব্যস্ত নহ’ব। কাৰণ অসমৰ পৰিস্থিতি বহুত গভীৰ। এই সময়ত মোক সমালোচনা কৰাতকৈ বানপীড়িত লোকসকলৰ কাষত থিয় হোৱাটোৱেই অধিক প্ৰয়োজন।”
‘ভিক্ষা’ কৰাৰ অভিযোগৰ প্ৰসংগত শিল্পীগৰাকীয়ে স্পষ্টভাৱে কয়, “নিজৰ মানুহৰ বাবে যদি ভিক্ষাও খুজিব লাগে, মই সেয়াও কৰিম। কিন্তু আমি যি কৰিছোঁ সেয়া ভিক্ষা নহয়। লণ্ডনত ইয়াক ‘Busking’ বুলি কোৱা হয়। ৰাজপথত কলা প্ৰদৰ্শন কৰিবলৈ লাইচেঞ্চৰ প্ৰয়োজন হয় আৰু আমাৰ ওচৰত সেই অনুমতিপত্ৰ আছিল।”
তেওঁ জানিবলৈ দিয়ে যে এই কাৰ্যসূচীৰ জৰিয়তে লণ্ডনত উপস্থিত বিভিন্ন দেশৰ পৰ্যটকক অসমৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হৈছিল। কিউআৰ (QR) কোড স্কেন কৰি বহু লোকে সাহায্য আগবঢ়োৱাৰ লগতে তেওঁৰ স্বেচ্ছাসেৱী সংস্থা ‘সুৰ সংগম’ আৰু লণ্ডনত অনুষ্ঠিত কৰ্মশালাৰ জৰিয়তে সংগৃহীত ধনো বানপীড়িতসকলৰ সহায়ত ব্যয় কৰা হ’ব।
ভিডিঅ’ বাৰ্তাৰ সামৰণিত মেঘৰঞ্জনী মেধিয়ে সকলো বিতৰ্কৰ অৱসান ঘটাই একত্ৰিতভাৱে অসমৰ বানপীড়িতসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ ৰাজ্যবাসীক আহ্বান জনায়।
