আবাস যোজনাৰ নামত ধন দাবীৰ অভিযোগ: দক্ষিণ-পশ্চিম বেতবাৰী পঞ্চায়তৰ সভানেত্ৰীক কেন্দ্ৰ কৰি উত্তেজনা । PMAY

আবাস যোজনাৰ নামত ধন দাবীৰ অভিযোগ: দক্ষিণ-পশ্চিম বেতবাৰী পঞ্চায়তৰ সভানেত্ৰীক কেন্দ্ৰ কৰি উত্তেজনা । PMAY

PMAY । আবাস যোজনাৰ নামত ধন দাবীৰ অভিযোগ: দক্ষিণ-পশ্চিম বেতবাৰী পঞ্চায়তৰ সভানেত্ৰীক কেন্দ্ৰ কৰি উত্তেজনা

বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত দক্ষিণ-পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ ভূলোকাবাৰী পাথাৰ গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY)-ৰ ঘৰৰ নামত ধন দাবীৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, পঞ্চায়তৰ সভানেত্ৰী নাজমা খাতুন আৰু তেওঁৰ স্বামী নুৰুল মিঞাই চৰকাৰী ঘৰ লাভৰ বিনিময়ত ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগমতে, ভূলোকাবাৰী পাথাৰ গাঁৱৰ বাসিন্দা ৰাইজুদ্দিনৰ পত্নী আবেদা বেগমৰ নামত ইতিমধ্যে চৰকাৰী ঘৰ মঞ্জুৰ হৈছে। কিন্তু ঘৰ লাভ কৰিবলৈ হ’লে ধন দিব লাগিব বুলি সভানেত্ৰী পক্ষই দাবী কৰে। ধন নিদিলে চৰকাৰী ঘৰ লাভকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰো ভাবুকি দিয়া হৈছিল বুলি অভিযোগ উত্থাপন হৈছে।

ভুক্তভোগী পৰিয়ালৰ দাবী অনুসৰি, কিছুদিন পূৰ্বে তেওঁলোকে সভানেত্ৰীক ₹১,০০০ আদায় দিছিল। তথাপিও সভানেত্ৰী সন্তুষ্ট নোহোৱাকৈ ঘৰ লাভ কৰিবলৈ পুনৰ ₹৫,০০০ দাবী কৰা হয় বুলি অভিযোগ।

এই ঘটনাৰ পিছতে ৰাইজুদ্দিনে স্থানীয় ৱাৰ্ড সদস্য তথা পঞ্চায়তৰ উপ-সভাপতি তাৰা মিয়াক বিষয়টো অৱগত কৰে। অভিযোগ অনুসৰি, চৰকাৰী ঘৰ লাভৰ বাবে ধন লোৱাৰ বিৰোধিতা কৰাত তাৰা মিয়াৰ সৈতে সভানেত্ৰীৰ স্বামী নুৰুল মিঞাৰ তৰ্ক-বিতৰ্ক হয় আৰু পিছলৈ হতাহতিৰ ঘটনাও সংঘটিত হয়।

ঘটনাৰ পিছত নুৰুল মিঞা আৰু নাজমা খাতুনে দাখিল কৰা এজাহাৰৰ ভিত্তিত কয়াকুছি আৰক্ষীয়ে যোৱা নিশা তাৰা মিয়াক আটক কৰি থানালৈ লৈ গৈ সোধ-পোছ কৰে।

ইফালে, শনিবাৰে ভুক্তভোগী আবেদা বেগমে বৰপেটা সদৰ থানাত পৃথক এজাহাৰ দাখিল কৰি ন্যায় বিচাৰে। অভিযোগসমূহৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে তেওঁ।

ঘটনাটোক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। তেওঁলোকে দুৰ্নীতিৰ অভিযোগত অভিযুক্ত পঞ্চায়ত সভানেত্ৰী নাজমা খাতুন আৰু তেওঁৰ স্বামী নুৰুল মিঞাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।

উল্লেখ্য, উক্ত অভিযোগসমূহৰ সত্যতা এতিয়াও আৰক্ষী বা সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। ঘটনাটোৰ তদন্ত অব্যাহত আছে আৰু তদন্তৰ অন্তত অভিযোগসমূহৰ সত্যতা স্পষ্ট হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top