Jayanta Malla Baruah বন্যপ্ৰাণী সুৰক্ষাৰ নামত ‘ব্লেক মেইল’ সহ্য নহ’ব: কড়া সতৰ্কবাণী বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ
বন্যপ্ৰাণী সুৰক্ষাৰ নামত একাংশ লোকে সাধাৰণ ৰাইজক ভয়-ভাবুকি দেখুৱাই হাৰাশাস্তি কৰাৰ অভিযোগক লৈ এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে অসমৰ বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। বিধানসভাত আলোচনাৰ সময়তে মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কয় যে, বন বিভাগৰ কাম-কাজ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বিষয়ক অজুহাত হিচাপে ব্যৱহাৰ কৰি কোনো লোকে ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে ‘ব্লেক মেইল’ চলাব নোৱাৰিব।
সদনত বক্তব্য ৰাখি জয়ন্তমল্ল বৰুৱাই কয়, একাংশ স্বাৰ্থান্বেষী লোকে বন্যপ্ৰাণী সুৰক্ষাৰ নামত বিভাগটোক আৰু সাধাৰণ দৰিদ্ৰ ৰাইজক বছৰ বছৰ ধৰি ব্লেক মেইল কৰি আহিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে, তেওঁ মন্ত্ৰী হৈ থকালৈকে বন বিভাগত এনে কোনো ধৰণৰ ব্লেক মেইল চলিবলৈ দিয়া নহ’ব। বন বিভাগত চলি থকা এনে অবৈধ কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে।
মন্ত্ৰীগৰাকীয়ে আৰু কয়, যদি বন্যপ্ৰাণী সুৰক্ষাৰ নামত কোনো ব্যক্তি বা গোটে কাৰোবাক ভয়-ভাবুকি দেখুৱাই ব্লেক মেইল কৰাৰ তথ্য পোৱা যায়, তেন্তে তেনে লোকৰ বিৰুদ্ধে তৎক্ষণাত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব আৰু দোষী সাব্যস্ত হ’লে আইন অনুসৰি জে’ললৈও প্ৰেৰণ কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে।
আনফালে, বনমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে বন বিভাগৰ ভিতৰে-বাহিৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহু লোকে মন্ত্ৰীগৰাকীৰ এই কঠোৰ স্থিতিক আদৰণি জনাই কয় যে, যদি এই ঘোষণা কাৰ্যকৰীভাৱে ৰূপায়ণ কৰা হয়, তেন্তে বন্যপ্ৰাণী সুৰক্ষাৰ নামত সংঘটিত হোৱা অনিয়ম, দুৰ্নীতি আৰু সাধাৰণ লোকৰ ওপৰত চলা হয়ৰানি বহু পৰিমাণে হ্ৰাস পাব।
