মানকাচৰত নিখোঁজ BSF জোৱানৰ মৃতদেহ উদ্ধাৰ, তদন্ত আৰম্ভ আৰক্ষীৰ ।BSF

মানকাচৰত নিখোঁজ BSF জোৱানৰ মৃতদেহ উদ্ধাৰ, তদন্ত আৰম্ভ আৰক্ষীৰ ।BSF

BSF । দক্ষিণ শালমাৰা-মানকাচৰ জিলাত তিনি দিন ধৰি নিখোঁজ হৈ থকা BSFৰ জোৱান মনোৱাৰ হুছেইনৰ মৃতদেহ উদ্ধাৰ হোৱাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ নামি আহিছে।

জানিব পৰা মতে, মানকাচৰৰ পূৰ্বাঞ্চলৰ চমৰাশালি পাহাৰত চীপজৰি লৈ থকা অৱস্থাত মনোৱাৰ হুছেইনৰ মৃতদেহ উদ্ধাৰ হয়। খবৰ লাভ কৰাৰ পিছতে কালাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অৰ্ধগলিত অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায়। পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে, যোৱা দেওবাৰে আবেলি প্ৰায় ৫ বজাত বাঘাপাৰা অঞ্চলৰ পৰা মনোৱাৰ হুছেইন নিখোঁজ হৈছিল। ইয়াৰ পিছতে পৰিয়ালৰ লোকে কালাপানী আৰক্ষী চকীত এখন নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল।

স্থানীয় সূত্ৰ অনুসৰি, মনোৱাৰ হুছেইন BSFত কৰ্মৰত আছিল আৰু জম্মু-কাশ্মীৰত দায়িত্ব পালন কৰি আছিল। অসুস্থতাৰ বাবে তেওঁ কিছুদিনৰ আগতে ঘৰলৈ আহিছিল। স্থানীয় লোকৰ দাবী অনুসৰি, তেওঁ কিছুদিন ধৰি মানসিক সমস্যাতো ভুগি আছিল।

বৰ্তমানলৈকে মৃত্যুৰ সঠিক কাৰণ নিশ্চিত হোৱা নাই। ঘটনাটোৰ আঁৰৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top