Nalbari । স্থানীয় ৰাইজৰ সহযোগত মাছমৰা বৰ জালেৰে মৃতদেহ উদ্ধাৰ।

নলবাৰী জিলাৰ পশ্চিম বৰক্ষেত্ৰীৰ মুকালমুৱা থানাৰ অন্তৰ্গত বামুনবড়ী গাওঁত এক অঘটন সংঘটিত হৈছে। পানীত পৰি সন্ধানহীন হোৱাৰ সন্দেহ প্ৰকাশ এগৰাকী কিশোৰী। ১৭ বছৰীয়া ৰেজিনা বেগম নামৰ কিশোৰীগৰাকী ৰবিবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাৰ পৰা সন্ধানহীন হোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। বামুনবড়ী গাওঁ নিবাসী হবিবৰ ৰহমান আৰু আৰিফা বেগমৰ কণ্যা “ৰেজিনা বেগম” নামৰ কিশোৰীগৰাকী বিশেষভাৱে সক্ষম বুলি জানিব পৰা গৈছে। পিছে কি কাৰণত কিশোৰীগৰাকীয়ে পানীত পৰিল সেয়া অঞ্চলটোত সকলোৰে বাবে এক অবুজ সাঁথৰ স্বৰূপ হৈ পৰিছে।

উক্ত ঘটনা ৰাষ্ট্ৰ হৈ পৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ গয়াৰী আৰু দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি কমল বণিয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল। ঘটনা সংঘটিত হোৱাৰ প্ৰায় এক-ডেৰঘণ্টা পিছত ঘটনাস্থলীত উপস্থিত হৈছিল SDRF বাহিনীৰ লোক। ৰবিবাৰে নিশা SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছিল যদিও যান্ত্ৰিক বিজুতিৰ বাবে উদ্ধাৰ কৰিব পৰা নাছিল কিশোৰীগৰাকীক। সোমবাৰে পুৱা প্ৰায় ৬.৩০ বজাত উদ্ধাৰ কৰা হয় কিশোৰীগৰাকীৰ মৃতদেহ। পৰিয়ালৰ লগতে গাঁওবাসীয়ে জাল মাৰি উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ মৃতদেহ।

নিশা SDRF বাহিনীয়ে যান্ত্ৰিক বিজুতিৰ বাবে উদ্ধাৰ কৰিব নোৱাৰিলে যদিও ৰাতিপুৱা ৬.৩০ বজাত গাঁওবাসীয়ে বৰ জাল মাৰি উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ মৃতদেহটো। নিশা SDRF বাহিনীয়ে প্ৰায় ১০.৩০ বজালৈ উদ্ধাৰ অভিযান চলাই থাকোতে বায়ু পৰিবাহী পাইপ ফাতি যোৱাত স্থগিত ৰাখিছিল উদ্ধাৰ অভিযান। পিছে কি কাৰণত বাৰীৰ পিছপিনৰ পুখুৰীত পৰি কিশোৰীগৰাকী সন্ধানহীন হ’বলগীয়া হ’ল সেয়া সম্প্ৰতি ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।সম্প্ৰতি ঘটনা সন্দৰ্ভত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।

