Mini Theatre । অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতত ন ৰূপেৰে পুনৰ খোজ পেলাবলৈ সাজু হৈছে নলবাৰী জিলাৰ আমৃখোৱাৰ ‘শতাব্দী মিনি থিয়েটাৰ’। ২০২৬-২০২৭ চনৰ পঞ্চম নাট্যবৰ্ষৰ বাবে দলটোৱে তিনিগৰাকী ভিন্ন স্বাদৰ নাট্যকাৰৰ তিনিখন নাটক মঞ্চস্থ কৰাৰ কথা ঘোষণা কৰিছে।

শ্ৰী শ্ৰী বাসুদেৱ মহাপ্ৰভূৰ চৰণত সেৱা জনাই নাট্যদলটোৱে নাট্যপ্ৰেমী ৰাইজৰ মৰম-আশীৰ্বাদ বিচাৰিছে। এইবেলি মঞ্চস্থ হ’বলগীয়া নাটক তিনিখন হৈছে — কুলেন্দ্ৰ ৰায়চৌধুৰী দেৱ ৰচিত আৰু সম্পাদনা সৌৰভ জ্যোতি বৰ্মন ‘দহন – নাৰীৰ এক জীৱা কাহিনী’, প্ৰাণজিৎ তালুকদাৰ ৰচিত ‘চক্ৰবেহু’ আৰু যুৱ নাট্যকাৰ হিমাংশু শৰ্মাৰ বৃন্দাবনত হেৰাল হাঁহি।
নাট্যদলটোৰ নাট পৰিচালনাৰ দায়িত্বত আছে নিতুল পাটোৱাৰী, পুলকেশ বৰ্মন আৰু হিমাংশু শৰ্মা আৰু প্ৰযোজনা কৰিছে হিমাংশু ভাৰতীয়ে। সম্পাদকৰ দায়িত্বত আছে দিপক বৈশ্য। মুখ্য পৃষ্ঠপোষক হিচাপে আছে লক্ষেশ্বৰ পাঠক। ইয়াৰ উপৰি দিনেশ নায়ক, কুমুদ পাঠক, নিতুল পাটোৱাৰী,নৱজ্যোতি কলিতা ,সুকুমাৰ বৰ্মন, সঞ্জয় বৰ্মন আদিয়ে উপদেষ্টা আৰু পৃষ্ঠপোষক হিচাপে দায়িত্ব বহন কৰিছে।
এইবেলি দলটোত অসমৰ বিভিন্ন প্ৰান্তৰ অভিজ্ঞ শিল্পীসকল চুক্তিবদ্ধ হৈছে। তাৰ ভিতৰত উল্লেখযোগ্য হ’ল — প্ৰাণজিৎ তালুকদাৰ, স্বাগত ধীৰেজ, দীপক বৈশ্য, সত্যজিৎ পাঠক, চন্দন ডেকা, চাজিদ আহমেদ চৌধুৰী, ৰূপম বড়ো, ধ্ৰুৱ ৰাজ, চুমন চিদ্দিকা, লনিমা পাঠক, বুদ্ধজিৎ দাস, নৱ দাস, ৰশ্মিতা দাস, জুমন ডেকা, নিৰোদ বৰ্মন, বিশ্বজিৎ বৈশ্য প্ৰমুখ্যে বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰী।
নাট্যদলৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিয়া মতে, বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ৰাইজৰ সহায়-সহযোগিতাৰে অসমৰ প্ৰান্তে প্ৰান্তে নাট্যৰস বিলোৱাৰ প্ৰয়াস কৰিব শতাব্দী মিনি থিয়েটাৰে।
- তিনিখন নতুন নাটক লৈ আহিছে শতাব্দী মিনি থিয়েটাৰ
- ‘দহন’,(নাৰী এক জীয়া কাহিনী) ‘চক্ৰবেহু’, আৰু বৃন্দাবনত হেৰাল হাঁহি — শতাব্দীৰ পঞ্চম বৰ্ষৰ ঘোষণা।
