৫ বছৰীয়া কন্যা সন্তান এৰি নিৰুদ্দেশ মঙলদৈৰ বোৱাৰী, ১০ দিন ধৰি সন্ধানহীন; ঘৰলৈ উভতি আহিবলৈ স্বামীৰ আহ্বান । Mangaldoi

৫ বছৰীয়া কন্যা সন্তান এৰি নিৰুদ্দেশ মঙলদৈৰ বোৱাৰী, ১০ দিন ধৰি সন্ধানহীন; ঘৰলৈ উভতি আহিবলৈ স্বামীৰ আহ্বান । Mangaldoi

Mangaldoi । ৫ বছৰীয়া কন্যা সন্তান এৰি নিৰুদ্দেশ মঙলদৈৰ বোৱাৰী, ১০ দিন ধৰি সন্ধানহীন; ঘৰলৈ উভতি আহিবলৈ স্বামীৰ আহ্বান


মঙলদৈ থানাৰ অন্তৰ্গত মেধীপাৰা গাঁৱৰ এগৰাকী বিবাহিতা মহিলা যোৱা ১০ দিন ধৰি নিৰুদ্দেশ হৈ থকাক লৈ পৰিয়ালটো গভীৰ উদ্বেগত ভুগিছে। ৫ বছৰীয়া কন্যা সন্তান, বৃদ্ধ শাহু-শহুৰ আৰু স্বামীক এৰি বনলতা নামৰ মহিলা গৰাকী যোৱা ১৬ জুনৰ পৰা সন্ধানহীন হৈ আছে।

পৰিয়ালৰ তথ্য অনুসৰি, বনলতা পিতৃগৃহলৈ যোৱাৰ পিছতে নিৰুদ্দেশ হয়। স্বামী কমলজ্যোতি ডেকাই আত্মীয়-স্বজন আৰু সম্ভৱপৰ সকলো ঠাইতে বিচাৰ-খোচাৰ চলাইও কোনো সন্ধান নোপোৱাত অৱশেষত মঙলদৈ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে।

স্বামী কমলজ্যোতি ডেকাই সংবাদমাধ্যমৰ আগত অভিযোগ কৰি কয় যে, নিৰুদ্দেশ হোৱাৰ পূৰ্বে বনলতাৰ সামাজিক মাধ্যমৰ জৰিয়তে ৰাজস্থানৰ এজন যুৱকৰ সৈতে চিনাকি হৈছিল। তেওঁৰ দাবী অনুসৰি, উক্ত যুৱকজনে বহুদিন ধৰি বনলতাক বিভিন্ন প্ৰলোভন দেখুৱাই আহিছিল আৰু তেওঁৰ সৈতে নাযালে হত্যাৰ ভাবুকিও দিছিল। এই ঘটনাৰ সৈতে সেই যুৱকজন জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে কমলজ্যোতিয়ে। তেওঁ ইতিমধ্যে যুৱকজনৰ ফটোসহ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে।

ইফালে, বনলতাৰ অনুপস্থিতিত ৫ বছৰীয়া কন্যা সন্তানটিক লালন-পালন কৰাৰ দায়িত্ব বৃদ্ধ আইতাক-দেউতাকৰ ওপৰত পৰাত পৰিয়ালটোৱে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।

আৱেগিকভাৱে শাহুৱেকে সংবাদমাধ্যমৰ জৰিয়তে বোৱাৰী বনলতাক পুনৰ ঘৰলৈ উভতি আহি সংসাৰখন আগৰ দৰেই গঢ়ি তোলাৰ আহ্বান জনায়। একেদৰে স্বামী কমলজ্যোতি ডেকায়ো কন্যা সন্তান আৰু বৃদ্ধ পিতৃ-মাতৃৰ কথা চিন্তা কৰি বনলতাক সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহিবলৈ অনুৰোধ জনাইছে।

উল্লেখ্য, ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই প্ৰতিবেদনত উল্লেখ কৰা অভিযোগসমূহ অভিযোগকাৰী পক্ষৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰা হৈছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে ঘটনাটোৰ প্ৰকৃত সত্য স্পষ্ট হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top