'মই দায়িত্ব স্বীকাৰ কৰিছোঁ...’ : NEET-UG বিতৰ্কৰ পাছত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ পদ ত্যাগ ধৰ্মেন্দ্ৰ প্ৰধানৰ, পদত্যাগ পত্ৰত কি লিখিলে?

‘মই দায়িত্ব স্বীকাৰ কৰিছোঁ…’ : NEET-UG বিতৰ্কৰ পাছত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ পদ ত্যাগ ধৰ্মেন্দ্ৰ প্ৰধানৰ, পদত্যাগ পত্ৰত কি লিখিলে?

মই দায়িত্ব স্বীকাৰ কৰিছোঁ…’ : NEET-UG বিতৰ্কৰ পাছত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ পদ ত্যাগ ধৰ্মেন্দ্ৰ প্ৰধানৰ, পদত্যাগ পত্ৰত কি লিখিলে?

NEET-UG ২০২৬ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰৱৰ্তী বিসংগতিক কেন্দ্ৰ কৰি দেশজুৰি তীব্ৰ প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে ধৰ্মেন্দ্ৰ প্ৰধানে। শনিবাৰে সামাজিক মাধ্যম X-ত নিজৰ পদত্যাগ পত্ৰ প্ৰকাশ কৰি তেওঁ কয় যে সমগ্ৰ ঘটনাৰ নৈতিক দায়িত্ব তেওঁ স্বীকাৰ কৰিছে।

পদত্যাগ পত্ৰত প্ৰধানে উল্লেখ কৰে যে দেশৰ যুৱ প্ৰজন্মৰ সপোন বাস্তৱায়িত কৰাটো চৰকাৰৰ এক নৈতিক প্ৰতিশ্ৰুতি। তেওঁ লিখিছে, “মই দেশৰ যুৱ সমাজৰ আকাংক্ষা, আৱেগ আৰু যুক্তিসংগত প্ৰত্যাশাক গভীৰ শ্ৰদ্ধা কৰোঁ। তেওঁলোকৰ সপোন পূৰণ কৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব।”

প্ৰধানে কয় যে যোৱা চাৰি দশকৰো অধিক সময় ধৰি তেওঁ শিক্ষাৰ্থী, শিক্ষক আৰু শিক্ষা সংস্কাৰৰ সৈতে জড়িত হৈ আহিছে আৰু এখন শক্তিশালী, অন্তৰ্ভুক্তিমূলক শিক্ষা ব্যৱস্থাই এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলে বুলি সদায় বিশ্বাস কৰি আহিছে। একে সময়তে তেওঁ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে দেশবাসীক সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে তেওঁ কৃতজ্ঞ।

NEET-UG ২০২৬ পৰীক্ষাৰ বিসংগতি সন্দৰ্ভত তেওঁ উল্লেখ কৰে যে ৩ মে’ত অনুষ্ঠিত পৰীক্ষাৰ পিছতে চৰকাৰে বিষয়টোক তৎক্ষণাত গুৰুত্বসহকাৰে লৈছিল। তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰাৰ লগতে পৰীক্ষা বাতিল কৰি পুনৰ পৰীক্ষাৰ সিদ্ধান্ত লোৱা হৈছিল। লগতে অহা বছৰৰ পৰা NEET-UG পৰীক্ষা কম্পিউটাৰ-ভিত্তিক টেষ্ট (CBT) পদ্ধতিত অনুষ্ঠিত কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে বুলি তেওঁ জনায়।

পদত্যাগ পত্ৰত তেওঁ স্পষ্টকৈ লিখিছে, “প্ৰথম দিনাৰ পৰাই মই পৰিস্থিতিৰ দায়িত্ব লৈছিলোঁ আৰু ইয়াৰ পৰা কেতিয়াও ফালৰি কাটি যোৱা নাছিলোঁ। মোৰ একমাত্ৰ সংকল্প আছিল যে পৰীক্ষা মাফিয়াৰ বাবে কোনো যোগ্য শিক্ষাৰ্থী ক্ষতিগ্ৰস্ত নহওক আৰু কোনো শিক্ষাৰ্থীয়ে অন্যায়ৰ সন্মুখীন নহওক।”

তেওঁ লগতে কয় যে ২০ লাখৰো অধিক পৰীক্ষাৰ্থীৰ পুনৰ পৰীক্ষা সুকলমে সম্পন্ন কৰাটো চৰকাৰৰ মুখ্য অগ্ৰাধিকাৰ আছিল। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন, লগতে শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ সহযোগিতাৰে ২৪ জুনত পুনৰ পৰীক্ষা সফলতাৰে অনুষ্ঠিত কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে।

যন্তৰ-মন্তৰত শিক্ষাৰ্থীসকলৰ প্ৰতিবাদৰ বিষয়েও মন্তব্য কৰি প্ৰধানে কয় যে যোৱা দহ দিনৰ ঘটনাই তেওঁক গভীৰভাৱে ব্যথিত কৰিছে। তেওঁৰ ভাষাত, “এইটো মোৰ বাবে কোনো ব্যক্তিগত প্ৰতিষ্ঠাৰ বিষয় নহয়। ভাৰতৰ যুৱশক্তিয়েই এই দেশৰ প্ৰকৃত শক্তি। আমাৰ গণতন্ত্ৰৰ শক্তিৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু যুৱ সমাজৰ আশা-আকাংক্ষাক মই সদায় শ্ৰদ্ধা কৰি আহিছোঁ।”

পদত্যাগৰ জৰিয়তে ধৰ্মেন্দ্ৰ প্ৰধানে NEET-UG বিতৰ্কৰ নৈতিক দায়িত্ব স্বীকাৰ কৰাৰ কথা পুনৰ উল্লেখ কৰি দেশৰ যুৱ সমাজৰ আস্থা পুনৰ ঘূৰাই আনিবলৈ চৰকাৰৰ প্ৰতিশ্ৰুতি অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top