Lachit Maidam Memorial । গুৱাহাটীৰ মাছখোৱা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰস্থিত লাচিত ঘাটত এক উদ্বেগজনক দৃশ্যই সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শৰাইঘাটৰ যুদ্ধৰ বীৰ নায়ক লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখতে বৃহৎ পৰিমাণৰ আবৰ্জনা, জাবৰ-জোথৰ আৰু মাটি জমা হোৱা দৃশ্যই এতিয়া বহু প্ৰশ্নৰ উদ্ৰেক কৰিছে।

স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, দিনৰ পোহৰতে ডাম্পাৰ গাড়ীৰে বিভিন্ন পেলনীয়া সামগ্ৰী আনি ব্ৰহ্মপুত্ৰ নৈৰ পাৰত পেলোৱা হৈছে। ফলত লাচিত ঘাটৰ একাংশ অঞ্চল আবৰ্জনাৰ স্তূপত পৰিণত হৈছে। এই দৃশ্যই কেৱল পৰিৱেশ দূষণৰ আশংকাই বৃদ্ধি কৰা নাই, বৰঞ্চ অসমীয়াৰ গৌৰৱ আৰু জাতীয় চেতনাৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ স্মৃতিচিহ্নকো অপমান কৰা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।

বিশেষকৈ গুৱাহাটীৰ অন্যতম পৰিচিত প্ৰৱেশদ্বাৰ ‘গেটৱে অৱ গুৱাহাটী’ৰ সন্মুখভাগত এইধৰণৰ কাৰ্যকলাপ চলি থকাত সচেতন নাগৰিকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, বৰলুইতৰ পাৰ আবৰ্জনাৰে ভৰাই তোলাৰ ফলত নদীৰ স্বাভাৱিক পৰিৱেশ আৰু সৌন্দৰ্য দুয়োটাই ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে।

ইফালে, একাংশ স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰি কয় যে কোনো সুবিধাবাদী ঠিকাদাৰে ধন ৰাহি কৰাৰ উদ্দেশ্যে মাটি আৰু আবৰ্জনা একেলগে পেলাই নৈৰ পাৰ ভৰাট কৰাৰ চেষ্টা চলাইছে নেকি। যদিও এই অভিযোগসমূহৰ আনুষ্ঠানিক সত্যতা এতিয়াও নিশ্চিত হোৱা নাই, তথাপি বিষয়টোক লৈ বিভিন্ন মহলত আলোচনা তীব্ৰ হৈছে।
আনহাতে, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু সংশ্লিষ্ট বিভাগসমূহৰ ভূমিকা নিয়েও প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে। কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ সংলগ্ন অঞ্চলৰ পৰা ফাঁচীবজাৰলৈকে নৈৰ পাৰত চলি থকা এনে কাৰ্যকলাপৰ উদ্দেশ্য কি, সেই বিষয়েও স্পষ্ট তথ্য লাভ কৰা হোৱা নাই।

স্থানীয় ৰাইজৰ দাবী, ঘটনাটোৰ তাৎক্ষণিক তদন্ত কৰি দোষী ব্যক্তি বা সংস্থাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰ নৈৰ পাৰ আৰু ঐতিহাসিক স্মৃতিচিহ্নসমূহৰ সুৰক্ষা নিশ্চিত কৰিব লাগে।
বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত আবৰ্জনাৰ ডাম্পিং গ্ৰাউণ্ড সদৃশ পৰিস্থিতিয়ে কেৱল পৰিৱেশ সজাগতাকেই নহয়, অসমৰ ইতিহাস, সংস্কৃতি আৰু জাতীয় গৌৰৱৰ প্ৰতি থকা দায়িত্ববোধকো পুনৰ এবাৰ আলোচনাৰ কেন্দ্ৰবিন্দুলৈ আনিছে।
