Tezpur News । তেজপুৰত যৌন*তাৰ মুকলি বেহা চলোৱাৰ অভিযোগত আৰক্ষীয়ে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কছাৰীগাঁও আৰক্ষীয়ে অভিযান চলাই তেজপুৰৰ মুঢ়াতেতেলী অঞ্চলৰ পৰা সীমা দাস (৩১) নামৰ মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ তথ্য অনুসৰি, ধৃত মহিলা গৰাকীৰ কবলৰ পৰা ১৭ বছৰীয়া এগৰাকী নাবালিকাক উদ্ধাৰ কৰা হৈছে। দৰিদ্ৰ পৰিয়ালৰ হোৱাৰ সুযোগ লৈ প্ৰয়োজনীয় ধনৰ লোভ দেখুৱাই নাবালিকা গৰাকীক যৌন ব্যৱসায়ত জড়িত কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে সীমা দাসৰ বিৰুদ্ধে।

উদ্ধাৰ হোৱা নাবালিকা গৰাকীক Sakhi One Stop Centre-ৰ সহযোগত তেজপুৰস্থিত স্নেহবন্ধন শিশুগৃহত ৰখা হৈছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোক কেন্দ্ৰ কৰি তদন্ত আৰম্ভ কৰিছে।
এই সন্দৰ্ভত কছাৰীগাঁও আৰক্ষীয়ে তেজপুৰ সদৰ থানাত ৩৩৯/২০২৬ নম্বৰ গোচৰ পঞ্জীয়ন কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।
ইফালে, বুধবাৰে ধৃত সীমা দাসক তেজপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ঘটনাটোৰ সৈতে জড়িত আন কোনো ব্যক্তি আছে নেকি আৰু নাবালিকাগৰাকীক কেনেদৰে এই চক্ৰত জড়িত কৰা হৈছিল, সেই দিশসমূহত আৰক্ষীয়ে তদন্ত আগবঢ়াই নিয়াৰ কথা জানিব পৰা গৈছে।
ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে নাবালিকাসকলৰ সুৰক্ষা আৰু মানৱ সৰবৰাহবিৰোধী ব্যৱস্থাক লৈও নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে।
