Dr. Himanta Biswa Sarma। ৰাজ্যৰ গেছ সংযোগ ব্যৱস্থাত এক নতুন সংযোজন ঘটাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে লোক সেৱা ভৱনত আয়োজিত এক অনুষ্ঠানত আভাষীয়ভাৱে একাধিক গুৰুত্বপূৰ্ণ গেছ প্ৰকল্পৰ শুভাৰম্ভ কৰে।

মুখ্যমন্ত্ৰীয়ে মঙলদৈ আৰু তেজপুৰত ঘৰুৱা পাইপযুক্ত প্ৰাকৃতিক গেছ (PNG) যোগান ব্যৱস্থাৰ লগতে ঔদ্যোগিক ক্ষেত্ৰৰ বাবে পাইপযুক্ত প্ৰাকৃতিক গেছ যোগান প্ৰকল্প উদ্বোধন কৰে। একে অনুষ্ঠানতে তেজপুৰৰ উহনি আৰু গৰয়মাৰীত চিএনজি (CNG) সুবিধাৰো শুভ উদ্বোধন কৰা হয়।

এই উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত পৰিষ্কাৰ আৰু পৰিবেশ অনুকূল জ্বালানিৰ ব্যৱহাৰ বৃদ্ধি কৰাটো চৰকাৰৰ অন্যতম লক্ষ্য। পাইপযুক্ত প্ৰাকৃতিক গেছ আৰু চিএনজি সুবিধাৰ সম্প্ৰসাৰণে সাধাৰণ নাগৰিকৰ জীৱনধাৰণ সহজ কৰাৰ লগতে উদ্যোগ আৰু পৰিবহণ খণ্ডতো নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব।

তেওঁ লগতে উল্লেখ কৰে যে এই পদক্ষেপে ৰাজ্যৰ শক্তি খণ্ডক অধিক আধুনিক আৰু টেকসই ৰূপ প্ৰদান কৰাৰ লগতে পৰিবেশ সংৰক্ষণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

উল্লেখ্য যে, নতুনকৈ আৰম্ভ হোৱা এই প্ৰকল্পসমূহে স্থানীয় বাসিন্দা, ব্যৱসায়ী আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহ বিশেষভাৱে উপকৃত হোৱাৰ আশা কৰা হৈছে।
