Parijat Hotel and Restaurant in Silchar । কাছাৰ জিলাৰ লাঠিগ্ৰামত অৱস্থিত পাৰিজাত হোটেল এণ্ড ৰেষ্টুৰেণ্টত সংঘটিত এক ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১৬ বছৰীয়া এগৰাকী নাবালিকাক কেন্দ্ৰ কৰি উত্থাপিত গুৰুতৰ অভিযোগৰ পিছতে স্থানীয় ৰাইজৰ ক্ষোভ বিস্ফোৰিত হয়।

অভিযোগ অনুসৰি, হোটেলখনৰ স্বত্বাধিকাৰী ডাঃ জয়ন্ত প্ৰকাশ দাস (জে.পি. দাস)-এ নাবালিকাগৰাকীক অপহৰণ কৰি অনৈতিক কাৰ্যকলাপত জড়িত কৰোৱাৰ চেষ্টা চলাইছিল। যোৱা নিশা শিলচৰ-সৌৰাষ্ট্ৰীয় মহাসড়কৰ কাষত অৱস্থিত পাৰিজাত হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ ২০৪ নম্বৰ কোঠাৰ পৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰা হয় বুলি স্থানীয় সূত্ৰই দাবী কৰিছে।
নাবালিকাগৰাকীৰ উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ লগে লগে ক্ষুব্ধ স্থানীয় ৰাইজ হোটেলখনত সমবেত হয়। উত্তেজিত জনতাই হোটেলখনৰ ভিতৰৰ বিভিন্ন সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। ফলত সমগ্ৰ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

স্থানীয় লোকসকলৰ অভিযোগ, নাবালিকাগৰাকীক ব্যৱহাৰ কৰি দেহ ব্যৱসায় চলোৱাৰ চেষ্টা কৰা হৈছিল। ঘটনাৰ পিছতে অভিযুক্ত ডাঃ জয়ন্ত প্ৰকাশ দাসক স্থানীয় লোকে খেদি ধৰি আটক কৰে আৰু পিছত আৰক্ষীৰ হাতত চমজাই দিয়ে।
ইফালে, ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। উদ্ধাৰ হোৱা নাবালিকাগৰাকীক সুৰক্ষিত স্থানলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে।
উল্লেখ্য যে, অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ এতিয়াও আৰক্ষীৰ তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ অধীনত আছে। তদন্তৰ অন্ততহে ঘটনাটোৰ সম্পূৰ্ণ সত্যতা পোহৰলৈ আহিব। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত সকলো দিশ খতিয়ন কৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।
কাছাৰৰ উধৰবন্দৰ লাটিগ্ৰাম পাৰিজাত ৰেষ্টুৰেণ্টত আৰক্ষীৰঅভিযান; ১৬ বছৰীয়া কিশোৰী উদ্ধাৰ।
উধৰবন্দ আৰক্ষী থানাৰ অন্তৰ্গত লাঠিগ্ৰামৰ হিঞ্জুৰিপাৰ অঞ্চলৰ বহু চৰ্চিত পাৰিজাত ৰেষ্টুৰেণ্টত মঙলবাৰে নিশা অভিযান চলাই উদ্ধাৰ কৰা হয় ১৬ বছৰীয়া কিশোৰী। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে ৰেষ্টুৰেণ্টখনত কেইবাবছৰ ধৰি স্পা, ড্ৰাগছ, জুৱাকে ধৰি বিভিন্ন অবৈধ কাৰ্যকলাপ চলি আহিছে।দুধপাতিল গাওঁ পঞ্চায়ত আৰু গৌসাইপুৰ গাওঁ পঞ্চায়তৰ
সভাপতি আৰু প্ৰতিনিধিৰ সদস্য নেতৃত্বত স্থানীয় ৰাইজ যেতিয়া ৰেষ্টুৰেণ্টলৈ গ’ল, তেতিয়া আৰক্ষীক খবৰ দিয়া হ’ল; পিছত উধাৰবন্দ আৰক্ষী আৰু কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উধৰবন্দ থানাৰ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উদ্ধাৰ কৰা কিশোৰী গৰাকীৰ উধৰবন্দ আৰক্ষী থানাত চমজাই দিয়াৰ হয়।
উধৰবন্দ থানাৰ আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ তদন্ত অব্যাহত আছে; অবৈধ দেহ ব্যৱসা সুৰা বিক্ৰী, গাঞ্জা আৰু অনৈতিক কাৰ্যকলাপৰ পাৰিজাত ৰেষ্টুৰেণ্ট সৈতে জড়িত অভিযোগৰ পিছত এটা গোচৰ ৰুজু কৰা হৈছে। স্থানীয় ৰাইজে শীঘ্ৰে প্ৰশাসনিক হস্তক্ষেপ আৰু ৰেষ্টুৰেণ্টখন বন্ধ কৰাৰ দাবী জনায়।
