যোৰহাটৰ হোটেলত আৰক্ষীৰ অভিযান, অবৈধ কাৰ্যকলাপৰ অভিযোগত তদন্ত অব্যাহত । Jhorhat

যোৰহাটৰ হোটেলত আৰক্ষীৰ অভিযান, অবৈধ কাৰ্যকলাপৰ অভিযোগত তদন্ত অব্যাহত । Jhorhat

Jhorhat । যোৰহাট চহৰৰ এখন হোটেলত আৰক্ষীয়ে চলোৱা অভিযানক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযানৰ সময়ত কেইবাজনো যুৱতীক উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কেইবাজনক সোধ-পোচ চলোৱা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, সামাজিক মাধ্যমত প্ৰচাৰিত কিছুমান অডিঅ’ ক্লিপ আৰু বাৰ্তালাপত হোটেলখনত অবৈধ কাৰ্যকলাপ চলাৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে এই অডিঅ’ বা দাবীসমূহৰ সত্যতা স্বতন্ত্ৰভাৱে নিশ্চিত হোৱা নাই।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, ঘটনাটোৰ সকলো দিশ সামৰি তদন্ত চলাই থকা হৈছে। উদ্ধাৰ হোৱা যুৱতীসকল কেনেদৰে হোটেলখনলৈ আহিছিল আৰু কোনো সংগঠিত চক্ৰ জড়িত আছে নেকি, সেই বিষয়েও অনুসন্ধান অব্যাহত আছে।

ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত হোৱা ব্যক্তিসকলৰ ভূমিকা সন্দৰ্ভতো আৰক্ষীয়ে তথ্য সংগ্ৰহ কৰি আছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি আৰক্ষী মহলে জানিবলৈ দিয়ে।

ইফালে, এই ঘটনাক লৈ যোৰহাটবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top