অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত যৌ/*ন নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি উত্তেজনা, শিক্ষাৰ্থীৰ প্ৰতিবাদ ।Assam Don Bosco University

অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত যৌ/*ন নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি উত্তেজনা, শিক্ষাৰ্থীৰ প্ৰতিবাদ ।Assam Don Bosco University

সোণাপুৰস্থিত Assam Don Bosco University-ত এগৰাকী ছাত্ৰীয়ে এজন অধ্যাপকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছতে বিশ্ববিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনাটোক কেন্দ্ৰ কৰি শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰি অভিযুক্ত অধ্যাপকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

অভিযোগ অনুসৰি, বিশ্ববিদ্যালয়খনৰ পাব্লিক এডমিনিষ্ট্ৰেচন বিভাগৰ মুৰব্বী অধ্যাপক Dr. Saurabh Chandra-ই স্নাতক দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্ৰীৰ ওপৰত যৌন আতিশাৰ্য্য চলাইছিল বুলি অভিযোগ উত্থাপিত হৈছে।

ঘটনাটোৰ পিছতে শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় চৌহদত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ অভিযোগ, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিষয়টো গাপ দিয়াৰ চেষ্টা কৰিছে আৰু অভিযোগৰ প্ৰতি উপযুক্ত গুৰুত্ব প্ৰদান কৰা নাই।

কেইবাজন শিক্ষাৰ্থীয়ে দাবী কৰা মতে, অভিযুক্ত অধ্যাপকৰ বিৰুদ্ধে পূৰ্বেও অনুৰূপ আচৰণৰ অভিযোগ উত্থাপিত হৈছিল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষক একাধিকবাৰ অভিযোগ দাখিল কৰা হৈছিল যদিও কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল বুলি তেওঁলোকে অভিযোগ কৰে।

ইফালে, ঘটনাটোৰ সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া এতিয়ালৈকে লাভ হোৱা নাই। অভিযোগসমূহৰ সত্যতা সম্পৰ্কে স্বাধীনভাৱে নিশ্চিত কৰা সম্ভৱ হোৱা নাই।

শিক্ষাৰ্থীসকলে ঘটনাটোৰ নিৰপেক্ষ তদন্ত আৰু দোষী সাব্যস্ত হ’লে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ঘটনাই বিশ্ববিদ্যালয় চৌহদত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top