Nilamani Sen Deka । নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জাগাৰাত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভাত উপস্থিত হৈ প্ৰাক্তন মন্ত্ৰী তথা লেখক নীলমণি সেন ডেকাই একাধিক ৰাজনৈতিক আৰু সাহিত্যিক মন্তব্য কৰি পুনৰ চৰ্চালৈ আহিছে।

সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত নীলমণি সেন ডেকাই কয়, “নিৰ্বাচন এক ধুমুহা, সমাজত অৰিহণা যোগোৱাসকলৰহে স্থায়িত্ব থাকে।” তেওঁ লগতে দাবী কৰে যে এদিন ইতিহাসত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ কাৰ্যকলাপৰ হিচাপ দিব লাগিব।

প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয়, “হিমন্ত বিশ্ব শৰ্মাৰ নাম কেইজনে ল’বহে? কিন্তু ৫০০ বছৰ পিছতো নীলমণি সেন ডেকাৰ গ্ৰন্থৰ আলোচনা হ’ব।” এই মন্তব্যই সভাস্থলীত উপস্থিত লোকসকলৰ মাজত ব্যাপক চৰ্চাৰ সৃষ্টি কৰে।

মন্ত্ৰীসভা গঠনক লৈও প্ৰশ্ন উত্থাপন কৰি তেওঁ কয়, “অশোক সিংঘালক কিয় মন্ত্ৰীত্ব দিলে? আমাৰ ভৱেশ কলিতাই কিয় মন্ত্ৰীত্ব নাপালে?” আনহাতে, চন্দ্ৰমোহন পাটোৱাৰীক মন্ত্ৰিত্ব নিদিয়াক লৈও তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে।

বিগত বিধানসভা নিৰ্বাচন সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি নীলমণি সেন ডেকাই অভিযোগ কৰে যে বিজেপিয়ে মহিলাসকলক প্ৰলোভিত কৰি ভোট সংগ্ৰহ কৰি চৰকাৰ গঠন কৰিছে। অৱশ্যে এই অভিযোগৰ ওপৰত বিজেপিৰ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া এতিয়ালৈকে পোৱা হোৱা নাই।

উল্লেখ্য যে, দেওবাৰে জাগাৰা বিদিশা বেজবৰুৱা ৰাজহুৱা সভা গৃহত সাহিত্যিক তথা পেঞ্চনাৰ অশ্বিনী বেজবৰুৱাৰ ৭৫ সংখ্যক জন্মদিন উদযাপনৰ লগতে তেওঁৰ ৭৫তম গ্ৰন্থ “দহেচীয়া প্ৰেমৰ মালিতা” উন্মোচন কৰা হয়। বিশিষ্ট কবি আৰু নিৱন্ধকাৰ পুলকেশ ৰায় বৰুৱাই গ্ৰন্থখন উন্মোচন কৰে।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতী, প্ৰগতিশীল সাহিত্যিক পৰিক্ষীত বৈশ্যকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সভাত অশ্বিনী বেজবৰুৱাৰ সাহিত্য চৰ্চাৰ শলাগ লৈ নীলমণি সেন ডেকাই সাহিত্যৰ জৰিয়তে সমাজ গঠনৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
(বি.দ্ৰ.: এই প্ৰতিবেদনত উল্লেখিত ৰাজনৈতিক মন্তব্যসমূহ সংশ্লিষ্ট ব্যক্তিৰ নিজা ব
