খাকীৰ পাৱাৰ নুৱাব আলীৰ! বিয়া ঘৰত সন্মান নিদিয়াৰ অভিযোগত নিৰিহ যুৱকক উপৰ্যুপৰি প্ৰহাৰ । Barpeta News

খাকীৰ পাৱাৰ নুৱাব আলীৰ! বিয়া ঘৰত সন্মান নিদিয়াৰ অভিযোগত নিৰিহ যুৱকক উপৰ্যুপৰি প্ৰহাৰ । Barpeta News

Barpeta News । বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত ক্ষুদ্ৰফালাদি গাঁৱত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অসম আৰক্ষীত কৰ্মৰত নুৱাব আলী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এজন যুৱকক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে।

অভিযোগ অনুসৰি, ক্ষুদ্ৰফালাদি গাঁৱৰ বাসিন্দা জাহিদুল ইছলামৰ খুলশালীয়েকৰ বিবাহ অনুষ্ঠানত ধেমালি-মস্কৰা চলি থকা সময়তে কিছু তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। পৰিয়ালৰ দাবী অনুসৰি, পিছদিনা দৰা ঘৰত কন্যাক নিবলৈ অহা লোকসকলক লৈ পুনৰ উত্তেজনাৰ সৃষ্টি হয় আৰু সেই সময়তে গালি-গালাজ কৰাৰ লগতে জাহিদুল ইছলামক আক্ৰমণ কৰা হয়।

ভুক্তভোগী পৰিয়ালৰ অভিযোগ মতে, কাজিয়া বন্ধ কৰিবলৈ আগবাঢ়ি যোৱা জাহিদুলৰ ভাতৃসহ একাধিক লোককো নুৱাব আলীৰ দেউতাক আৰু ভাতৃয়ে আক্ৰমণ কৰে। এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা জাহিদুল ইছলাম ৮ জুনৰ পৰা বৰপেটা মেডিকেল কলেজ আৰু হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

আনহাতে, অভিযুক্ত নুৱাব আলী অসম আৰক্ষীত কৰ্মৰত হোৱাৰ বাবেই প্ৰভাৱ খটুৱাই এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে। যদিও এই অভিযোগৰ ওপৰত অভিযুক্ত পক্ষৰ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া এতিয়ালৈকে লাভ কৰা হোৱা নাই।

ইফালে, মাজদিয়া থানাত এজাহাৰ দাখিল কৰি জাহিদুল ইছলামৰ পত্নী আৰু পৰিয়ালৰ সদস্যসকলে ঘটনাটোৰ নিৰপেক্ষ তদন্ত আৰু দোষীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। লগতে ন্যায় বিচাৰি জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ হস্তক্ষেপো কামনা কৰিছে।

উল্লেখযোগ্য যে, ঘটনাটোক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top