Crime News । ৰাজ্যত অব্যাহত আছে চোৰাং গৰু সৰবৰাহৰ ৰমৰমীয়া বেহা। এইবাৰ জালুকবাৰী আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত চোৰাং গৰু সৰবৰাহৰ সৈতে জড়িত বুলি সন্দেহ কৰা দুখন বলেৰো পিকআপ বাহন জব্দ কৰাৰ খবৰ পোৱা গৈছে। ৰাজ্যজুৰি চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰাৰ মাজতে এই ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, AS25FC8331 আৰু AS01TC0311 নম্বৰৰ দুখন বলেৰো পিকআপ বাহন ব্যৱহাৰ কৰি গোপনে গৰু সৰবৰাহ চলোৱা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে বাহন দুখনৰ গতিবিধিৰ ওপৰত নজৰ ৰাখি অভিযান চলাই তদন্ত আৰম্ভ কৰিছে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। বিশেষকৈ, কাৰ ছত্ৰছায়াত চলি আছে এই অবৈধ গৰুৰ বেহা? ‘মতিয়াৰ’ আৰু ‘চাহেব’ নামৰ ব্যক্তিদ্বয় কোন? তেওঁলোকৰ সৈতে কোনো বৃহৎ সৰবৰাহ চক্ৰ জড়িত নেকি, সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

জালুকবাৰী আৰক্ষীৰ এই সফলতাই চোৰাং গৰু সৰবৰাহ চক্ৰৰ বিৰুদ্ধে অধিক তথ্য পোহৰলৈ আনিব বুলি আশা কৰা হৈছে। ইতিমধ্যে জব্দ কৰা বাহন দুটাৰ নথি-পত্ৰ, মালিক আৰু সৰবৰাহৰ সম্ভাব্য নেটৱৰ্ক সম্পৰ্কে আৰক্ষীয়ে গভীৰ অনুসন্ধান আৰম্ভ কৰিছে।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে চোৰাং গৰু সৰবৰাহৰ ঘটনা পোহৰলৈ আহি থকাৰ মাজতে এই ঘটনাই পুনৰবাৰ অবৈধ সৰবৰাহ চক্ৰৰ সক্ৰিয়তাৰ প্ৰমাণ দিছে।
