Assam Cabinet । শনিবাৰে জনতা ভৱনত অনুষ্ঠিত হয় নৱগঠিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠক। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে।
কেবিনেটত গ্ৰহণ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি অহা ৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ’ব। ২১ দিনতকৈ অধিক সময় ধৰি চলিবলগীয়া এই অধিৱেশনতে ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে, বাজেট দাখিলৰ পাছতেই পুনৰ ৰাজ্যত বিভিন্ন চৰকাৰী আঁচনি কাৰ্যকৰী কৰা হ’ব।

ইয়াৰ উপৰি, ১ জুলাইৰ পৰা ৰাজ্যত “VB-G RAM G” আঁচনি প্ৰযোজ্য হ’ব বুলিও ঘোষণা কৰা হয়। এই আঁচনিৰ অধীনত প্ৰতিখন পঞ্চায়তে ১ কোটি টকাকৈ লাভ কৰিব। লগতে গ্ৰামাঞ্চলৰ লোকসকলক ৯০ দিনৰ পৰিৱৰ্তে ১২৫ দিনৰ নিশ্চিত আয়ৰ সুবিধা প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে, এই ব্যৱস্থাই গ্ৰাম্য অৰ্থনীতিক অধিক শক্তিশালী কৰি তুলিব।
আজিৰ কেবিনেট বৈঠকত আধাৰ কাৰ্ড প্ৰদানক লৈও এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত অনুসৰি, ১৮ বছৰৰ ওপৰৰ নতুন আবেদনকাৰীক সাধাৰণভাৱে আধাৰ কাৰ্ড প্ৰদান কৰা নহ’ব। জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি লাভ কৰাৰ পিছতহে এনে আবেদন অনুমোদন কৰিব পাৰিব। অৱশ্যে বিশেষ ক্ষেত্ৰত ৬ মাহৰ বাবে শিথিলতা প্ৰদান কৰা হ’ব। লগতে অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST) আৰু চাহ বাগিচা সম্প্ৰদায়ৰ লোকসকলে ২০২৭ চনৰ মাৰ্চ মাহলৈকে আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে, অবৈধ বাংলাদেশী নাগৰিকে যাতে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰে, সেই উদ্দেশ্যেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
আনহাতে, গুৱাহাটীৰ ভৱিষ্যৎ নগৰ উন্নয়নৰ লক্ষ্যৰে “গুৱাহাটী ছেটেলাইট চিটি প্ৰাধিকৰণ” নামেৰে এক নতুন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্তও লোৱা হয়। বিমানবন্দৰৰ আশে-পাশে ছেটেলাইট চিটি নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই নতুন নগৰ উন্নয়ন প্ৰকল্প GMDA-ৰ এলেকাৰ অধীনতে ৰূপায়ণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে, নৱগঠিত চৰকাৰখনৰ তৃতীয় কেবিনেট বৈঠকত গ্ৰহণ কৰা এই সিদ্ধান্তসমূহে ৰাজ্যৰ উন্নয়ন, গ্ৰাম্য অৰ্থনীতি, নাগৰিক পৰিচয় ব্যৱস্থা আৰু নগৰ পৰিকল্পনাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে।
