গুৱাহাটীৰ আগশাৰীৰ বিদ্যালয়ত AIৰ অপব্যৱহাৰ! ছাত্ৰী-শিক্ষয়িত্ৰীৰ অশ্লীল ফটো মৰ্ফ কৰাৰ অভিযোগ, আৰক্ষীৰ কাষ চাপিল অভিভাৱক

গুৱাহাটীৰ আগশাৰীৰ বিদ্যালয়ত AIৰ অপব্যৱহাৰ! ছাত্ৰী-শিক্ষয়িত্ৰীৰ অশ্লীল ফটো মৰ্ফ কৰাৰ অভিযোগ, আৰক্ষীৰ কাষ চাপিল অভিভাৱক

কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ অপব্যৱহাৰক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীৰ দুখন আগশাৰীৰ বিদ্যালয়ত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিদ্যালয় দুখনৰ একাংশ ছাত্ৰই AI প্ৰযুক্তিৰ সহায়ত ছাত্ৰী আৰু শিক্ষয়িত্ৰীৰ ফটো মৰ্ফ কৰি অশ্লীল ছবি আৰু Deepfake ভিডিঅ’ প্ৰস্তুত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি, প্ৰায় ৭৫ গৰাকী ছাত্ৰী আৰু শিক্ষয়িত্ৰীৰ ফটো AIৰ জৰিয়তে বিকৃত কৰি অশ্লীল ৰূপ দিয়া হৈছিল। কেৱল সেয়াই নহয়, এই ছবি আৰু ভিডিঅ’সমূহ ম’বাইলৰ পৰা ম’বাইললৈ ভাইৰেল কৰাৰ লগতে টেলিগ্ৰামত বিশেষ চেনেল খুলি বিক্ৰী কৰাৰো অভিযোগ উত্থাপিত হৈছে।

ঘটনাটো পোহৰলৈ অহাৰ পিছতে ভুক্তভোগী একাংশ ছাত্ৰীৰ অভিভাৱকে আৰক্ষীৰ অপৰাধ শাখাৰ কাষ চাপিছে। বিদ্যালয় কৰ্তৃপক্ষইও বিষয়টোক গুৰুত্বসহকাৰে লৈ আৰক্ষীৰ অপৰাধ শাখাত লিখিত অভিযোগ দাখিল কৰিছে।

ইফালে, ঘটনাটোৰ পিছতে বিদ্যালয় দুখনৰ ভিতৰত এখন বিদ্যালয়ৰ কৰ্তৃপক্ষই এক প্ৰেছ বিবৃতি জাৰি কৰি বিষয়টোৰ তদন্ত চলি থকাৰ কথা সদৰি কৰে। বিবৃতিত কোৱা হয় যে, ঘটনাটোৰ সৈতে জড়িত ছাত্ৰ আৰু কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বিষয়টো বিদ্যালয় পৰিচালনা সমিতি আৰু Child Abuse Monitoring Committeeলৈ প্ৰেৰণ কৰা হৈছে আৰু অনুসন্ধান অব্যাহত আছে।

লগতে অভিভাৱকসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ কথাও জানিবলৈ দিয়ে বিদ্যালয় কৰ্তৃপক্ষই। তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত অভিযুক্ত ছাত্ৰসকলক সাময়িকভাৱে নিলম্বন কৰা হৈছে বুলিও উল্লেখ কৰা হৈছে।

বিদ্যালয় কৰ্তৃপক্ষই স্পষ্টভাৱে জনাইছে যে, ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু মৰ্যাদাৰ ক্ষেত্ৰত তেওঁলোকৰ ‘শূন্য সহনশীল নীতি’ (Zero Tolerance Policy) বলৱৎ আছে। সঠিক তদন্তৰ অন্তত বিদ্যালয়ৰ নীতি অনুসৰি কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই ঘটনাই গুৱাহাটীৰ শিক্ষা মহলৰ লগতে অভিভাৱকসকলৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। আধুনিক প্ৰযুক্তি আৰু AIৰ অপব্যৱহাৰে কেনেদৰে কিশোৰ-কিশোৰীসকলৰ মাজত নতুন ধৰণৰ অপৰাধৰ জন্ম দিছে, সেয়া এই ঘটনাই পুনৰ এবাৰ উন্মোচিত কৰিলে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ গোপনীয়তা, মানসিক স্বাস্থ্য আৰু অনলাইন সুৰক্ষাক লৈ নতুনকৈ চিন্তা-চৰ্চা আৰম্ভ হৈছে।

প্ৰযুক্তিৰ ইতিবাচক ব্যৱহাৰৰ লগতে ইয়াৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ অভিভাৱক, বিদ্যালয় আৰু আইন-শৃংখলা বাহিনীৰ সমন্বিত পদক্ষেপৰ দাবী উত্থাপিত হৈছে বিভিন্ন মহলত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top