ডিব্ৰুগড়ৰ মিলন নগৰত চাঞ্চল্য: ঘৰৰ ভিতৰতে উদ্ধাৰ দুই সন্তানৰ মাতৃৰ ৰহস্যজনক মৃতদেহ, হত্যাৰ সন্দেহ কৰি ভা*তৃৰ এজাহাৰ । Dibrugarh News

ডিব্ৰুগড়ৰ মিলন নগৰত চাঞ্চল্য: ঘৰৰ ভিতৰতে উদ্ধাৰ দুই সন্তানৰ মাতৃৰ ৰহস্যজনক মৃতদেহ, হত্যাৰ সন্দেহ কৰি ভা*তৃৰ এজাহাৰ । Dibrugarh News

Dibrugarh News । ডিব্ৰুগড় মহানগৰৰ মিলন নগৰত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘৰৰ ভিতৰতে উদ্ধাৰ কৰা হৈছে দুই সন্তানৰ মাতৃ ববিতা দাস (৩৩)ৰ মৃতদেহ। ঘটনাটোত হত্যাৰ সন্দেহ প্ৰকাশ কৰি মৃতাৰ ভাতৃয়ে আৰক্ষীৰ কাষ চাপিছে।

প্ৰাপ্ত তথ্য অনুসৰি, মিলন নগৰৰ এটা গলিত বাস কৰা ববিতা দাসক পৰিয়ালৰ লোকে ঘৰৰ ভিতৰত মৃত অৱস্থাত দেখা পায়। তাৰ পাছতেই অঞ্চলটোত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ সময়ত মহিলাগৰাকীৰ দুটি সন্তান ঘৰত উপস্থিত আছিল। সন্তানদ্বয়ৰ বক্তব্য অনুসৰি, ঘটনাৰ পূৰ্বে কোনো এজন লোক ঘৰটোলৈ আহিছিল।

আৰক্ষীৰ প্ৰাৰম্ভিক তথ্য মতে, ঘটনাৰ সময়ত মহিলাগৰাকীৰ স্বামী ৰবীন দাস ঘৰত উপস্থিত নাছিল। তেওঁ পেছাত এজন গাড়ী চালক বুলি জানিব পৰা গৈছে।

গুৰুত্বপূৰ্ণ কথা হৈছে যে, এই ৰহস্যজনক ঘটনাৰ পিছতো পৰিয়ালৰ পৰা প্ৰথমে আৰক্ষীক কোনো ধৰণৰ খবৰ দিয়া হোৱা নাছিল। পিছত মৃতদেহটো হাস্পতাললৈ নিয়াৰ পাছতহে হাস্পতাল কৰ্তৃপক্ষই মিলন নগৰ আৰক্ষীক অৱগত কৰে।

ইয়াৰ পাছতেই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ইফালে, মৃতা মহিলাগৰাকীৰ ভাতৃ জোনটি দাসে মিলন নগৰ আৰক্ষী চকীত হত্যাৰ সন্দেহ প্ৰকাশ কৰি এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

ঘটনাটোৰ সম্পূৰ্ণ সত্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত জোৰদাৰ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top