গ্রীষ্মকালীন ৰুচি শিবিৰ ২০২৬ : শিক্ষাৰ্থীৰ বাবে অন্বেষণ, উদ্ভাৱন আৰু শিক্ষণৰ এক সুবৰ্ণ সুযোগ । Summer Hobby Camp 2026

গ্রীষ্মকালীন ৰুচি শিবিৰ ২০২৬ : শিক্ষাৰ্থীৰ বাবে অন্বেষণ, উদ্ভাৱন আৰু শিক্ষণৰ এক সুবৰ্ণ সুযোগ । Summer Hobby Camp 2026

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদ (NCSM)ৰ অন্তৰ্গত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্র, গুৱাহাটীয়ে অহা ১ জুলাই ২০২৬ৰ পৰা খানাপাৰাস্থিত নিজৰ চৌহদত ‘গ্রীষ্মকালীন ৰুচি শিবিৰ ২০২৬’ আয়োজন কৰিবলৈ লৈছে। এমাহজোৰা এই বিশেষ কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক বিভিন্ন আকৰ্ষণীয় পাঠ্যক্ৰমৰ জৰিয়তে ব্যৱহাৰিক শিক্ষাৰ অভিজ্ঞতা প্ৰদান কৰা।

দ্বিতীয় শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰা এই শিবিৰে আনন্দ আৰু সৃষ্টিশীলতাৰ মাজেৰে শিক্ষা লাভৰ সুযোগ প্ৰদান কৰাৰ লগতে শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মনত কৌতূহল, উদ্ভাৱনী শক্তি আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ বিকাশ ঘটাব।

শিবিৰত বিভিন্ন বিষয়ভিত্তিক আৰু সময়োপযোগী পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে সৃষ্টিশীল কলা আৰু শিল্প (Creative Art & Craft), নক্ষত্ৰলোকৰ অভিযান (Starlight Adventures), ইলেক্ট্ৰনিক্স আৰু ৰবটিক্স (Electronics & Robotics), Arduino আৰু ESP-ভিত্তিক ৰবটিক্স (Robotics with Arduino & ESP), কৃত্ৰিম বুদ্ধিমত্তাৰ কৰ্মশালা–কনিষ্ঠ (AI Boot Camp Junior), কৃত্ৰিম বুদ্ধিমত্তাৰ কৰ্মশালা–জ্যেষ্ঠ (AI Boot Camp Senior), ইক’-কেম এডভেঞ্চাৰ্ছ (Eco-Chem Adventures) আৰু পৰিৱেশ্য কলাৰ জৰিয়তে বিজ্ঞানৰ উপলব্ধি (Understanding Science Through Performing Art)

বিজ্ঞান, প্ৰযুক্তি, কলা আৰু সৃষ্টিশীলতাক একেলগে সাঙুৰি লোৱা এই শিবিৰে শিক্ষাৰ্থীসকলক নতুন বিষয়সমূহৰ সৈতে পৰিচিত হোৱাৰ লগতে তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো সহায় কৰিব। গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰি জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিবলৈ আগ্ৰহী শিক্ষাৰ্থীসকলৰ বাবে ‘গ্রীষ্মকালীন ৰুচি শিবিৰ ২০২৬’ এক উৎকৃষ্ট আৰু ব্যতিক্ৰমী সুযোগ হিচাপে পৰিগণিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top