সোণাপুৰত প্ৰেমৰ নামত প্ৰৱঞ্চনা! যুৱতীৰ গুৰুতৰ অভিযোগ কুশল গোস্বামীৰ বিৰুদ্ধে

সোণাপুৰত প্ৰেমৰ নামত প্ৰৱঞ্চনা! যুৱতীৰ গুৰুতৰ অভিযোগ কুশল গোস্বামীৰ বিৰুদ্ধে

নগাঁও জিলাৰ এগৰাকী সাধাৰণ ঘৰৰ যুৱতীৰ সৈতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ প্ৰৱঞ্চনাৰ ঘটনা। সামাজিক মাধ্যমত চিনাকি হৈ বিবাহৰ প্ৰলোভন দেখুৱাই যুৱতীগৰাকীক প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে সোণাপুৰৰ কুশল গোস্বামী নামৰ এজন যুৱকৰ বিৰুদ্ধে।

ভুক্তভোগী যুৱতীগৰাকীৰ অভিযোগ অনুসৰি, “ধনী ঘৰৰ ল’ৰা বুলি ভাবি তাক বহুত ভাল পাইছিলোঁ। পাছত গম পালোঁ সি ৰিক্সা চলায়। ফেচবুকত ধুনীয়া কাপোৰ পিন্ধি ভাল ভাল ঠাইত ফটো উঠি নিজৰ ভুৱা পৰিচয় দেখুৱাইছিল।” তেখেতে লগতে কয়, “মই বহুত দুখীয়া ঘৰৰ ছোৱালী। মোক বহুত সপোন দেখুৱালে কুশল গোস্বামীয়ে।”

অভিযোগ মতে, কুশলে নিজৰ সৈতে আৰক্ষীৰো ভাল সম্পৰ্ক আছে বুলি দাবী কৰি যুৱতীগৰাকীক ভয়-ভীতি দেখুৱাইছিল। সামাজিক মাধ্যমত গঢ় লৈ উঠা এই সম্পৰ্কটো পিছত বিবাহলৈ ৰূপান্তৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। সেইমতে, যুৱতীগৰাকীক সোণাপুৰৰ মালৈবাৰীত থকা নিজৰ ঘৰলৈ লৈ যায়।

কিন্তু তাতেই পোহৰ পাই যায় আচল সত্য। কুশল গোস্বামী বিবাহিত বুলি জানিব পাৰাৰ পাছতে যুৱতীগৰাকীয়ে আপত্তি জনায়। তাৰ পাছতেই অভিযোগ অনুসৰি, যুৱতীগৰাকীৰ ওপৰত চলোৱা হয় অকথ্য নিৰ্যাতন। কেৱল সেয়াই নহয়, যুৱতীগৰাকীৰ লগতে তেখেতৰ পিতৃ-মাতৃ আৰু ভাতৃকো প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। উল্লেখযোগ্য যে, অভিযুক্ত কুশল গোস্বামীক পূৰ্বেও বিভিন্ন অপৰাধজনিত আৰু প্ৰৱঞ্চনাৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বুলি জানিব পৰা গৈছে।

এই ঘটনাই পুনৰবাৰ সামাজিক মাধ্যমৰ জৰিয়তে হোৱা চিনাকি আৰু সম্পৰ্কৰ বিপদজনক দিশটো স্পষ্ট কৰি তুলিছে। এখন সাধাৰণ পৰিয়ালৰ যুৱতী এতিয়া এজন প্ৰৱঞ্চকৰ জালত পৰি ন্যায় বিচাৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top