Himanta Biswa Sarma Cabinet: ৰাজ্য চৰকাৰে মন্ত্ৰীসভাৰ দপ্তৰ বণ্টন ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ হাতত গুৰুত্বপূৰ্ণ কেইবাটাও দপ্তৰ ৰাখিছে। গৃহ আৰু ৰাজনৈতিক বিভাগ, লোক নিৰ্মাণ বিভাগ (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ), লোক নিৰ্মাণ বিভাগ (পথ), শক্তি বিভাগ, তথ্য, জনসংযোগ, মুদ্ৰণ আৰু ষ্টেচনেৰীৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ হাতত থাকিব। ইয়াৰ উপৰিও, বিতৰণ নকৰা অন্যান্য দপ্তৰসমূহো মুখ্যমন্ত্ৰীৰ অধীনতে থাকিব।
মন্ত্ৰী অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা দপ্তৰৰ দায়িত্ব দিয়া হৈছে।
নতুনকৈ মন্ত্ৰী হোৱা অশ্বিনী ৰায় সৰকাৰৰ হাতত সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন দপ্তৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

বিমল বৰাৰ হাতত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ, এক্ট ইষ্ট পলিচী পৰিক্ৰমা দপ্তৰ থাকিব।
বিশ্বজিৎ দৈমাৰীক হস্ততাঁত, বস্ত্ৰশিল্প আৰু ৰেচম উদ্যোগ, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা, নিয়োগ আৰু উদ্যমিতা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি দপ্তৰৰ দায়িত্ব দিয়া হৈছে।
জয়ন্ত মল্লবৰুৱাই বিত্ত, পৰিৱেশ আৰু বন, খনি আৰু খনিজ সম্পদ দপ্তৰৰ দায়িত্ব লাভ কৰিছে।
কৌশিক ৰায়ৰ হাতত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, সমবায় দপ্তৰ দিয়া হৈছে।
কেশৱ মহন্তই ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, সাধাৰণ প্ৰশাসন দপ্তৰৰ দায়িত্ব পালন কৰিব।
কৃষ্ণেন্দু পালৰ হাতত জনস্বাস্থ্য কাৰিকৰী বিভাগ, পাহাৰীয়া এলেকা আৰু বৰাক উপত্যকা উন্নয়ন বিভাগ দিয়া হৈছে।
নতুনকৈ মন্ত্ৰিত্ব লাভ কৰা নীলিমা দেৱীৰ হাতত পশুপালন আৰু পশু চিকিৎসা, মীন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
পীযুষ হাজৰিকাই কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব লাভ কৰিছে।
ডাঃ ৰণোজ পেগুৰ হাতত বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, জনজাতীয় পৰিক্ৰমা (ভৈয়াম) আৰু তথ্য প্ৰযুক্তি বিভাগ দিয়া হৈছে।
আনহাতে, নতুনকৈ মন্ত্ৰী হোৱা সুশান্ত বৰগোহাঁইৰ হাতত জল সম্পদ আৰু ন্যায় বিভাগৰ দায়িত্ব দিয়া হৈছে।
এই দপ্তৰ বণ্টনৰ জৰিয়তে নতুন মন্ত্ৰীসভাই ৰাজ্যৰ উন্নয়নমূলক কাম-কাজ অধিক গতিশীল কৰাৰ লক্ষ্য লৈছে।
