গোসাইগাঁৱৰ যুৱকক হত্যাৰ অভিযোগঃ চেন্নাইত আৰক্ষীৰ জালত বাংলাদেশী মহিলা

গোসাইগাঁৱৰ যুৱকক হত্যাৰ অভিযোগঃ চেন্নাইত আৰক্ষীৰ জালত বাংলাদেশী মহিলা । Crime News

Crime News । অসমৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁওৰ তুলসীবিল অঞ্চলৰ এজন যুৱকৰ হত্যাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিহত যুৱকজনৰ নাম আমিৰ হোসেন বুলি চিনাক্ত কৰা হৈছে।

প্ৰাথমিক তথ্য অনুসৰি, আমিৰ হোসেন দীৰ্ঘদিন ধৰি চেন্নাইত কৰ্মৰত আছিল। অভিযোগ অনুসাৰে, ৰাহিমা খাতুন নামৰ এগৰাকী বাংলাদেশী মহিলাই প্ৰেমৰ ছলনা কৰি তেওঁক ফাঁদত পেলায় আৰু পাছত হত্যা কৰে।

অভিযোগত কোৱা হৈছে যে, হত্যাৰ পিছত মৃতদেহটো মোনাত ভৰাই পেলাই দিবলৈ চেষ্টা কৰিছিল মহিলাজনে। কিন্তু এই সময়তেই চেন্নাই আৰক্ষীয়ে সন্দেহজনক পৰিস্থিতিত মহিলাজনক আটক কৰিবলৈ সক্ষম হয়।

এই ঘটনাই অসমত বিশেষকৈ গোসাইগাঁও অঞ্চলত গভীৰ শোক আৰু উত্তেজনাৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ঘটনাৰ সম্পৰ্কত অধিক তদন্ত আৰম্ভ কৰিছে আৰু সম্পূৰ্ণ সত্য পোহৰলৈ আহিবলৈ অপেক্ষা কৰা হৈছে।

স্থানীয় লোকসকলে এই ঘটনাৰ সম্পূৰ্ণ তদন্তৰ দাবী জনাইছে আৰু দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে প্ৰশাসনৰ ওচৰত আবেদন জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top