Crime News । দক্ষিণ কামৰূপ জিলাৰ পুব আগছিয়া অঞ্চলত সংঘটিত এক গুৰুতৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। একে অঞ্চলৰ এগৰাকী মহিলাৰ বিৰুদ্ধে দকাইতৰ দৰে আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, উক্ত মহিলাগৰাকী “মমি” নামে পৰিচিত।

ভুক্তভোগী পৰিয়ালৰ অভিযোগ মতে, উক্ত মহিলাগৰাকীৰ ভাতৃ বুবুল বৈশ্যই পৰিয়ালটোক দাৰে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে। কেৱল সেয়াই নহয়, ছয়গাঁও অঞ্চলৰ এজন যুৱক প্ৰঞ্জল বৈশ্যই ভুক্তভোগী পৰিয়ালৰ এগৰাকী মহিলাক ধ*ৰ্ষণ কৰি হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উঠিছে। লগতে পৰিয়ালটোৰ ১৩ বছৰীয়া এটি শিশুকো দাৰে গল কটাৰ ভাবুকি প্ৰদান কৰা হৈছে বুলি অভিযোগ কৰা হৈছে।
ইতিমধ্যে ঘটনাটো সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে বকো থানাত এখন এজাহাৰ দাখিল কৰিছে। উল্লেখযোগ্য যে, উক্ত মহিলাগৰাকী এগৰাকী সংবাদ কৰ্মীৰ লগতে সদৌ অসম প্ৰগতিশীল মহিলা মঞ্চৰ সম্পাদিকা হিচাপে কৰ্মৰত।

এই ঘটনাৰ পিছত সদৌ অসম প্ৰগতিশীল মহিলা মঞ্চৰ তৰফৰ পৰাও বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ পৃথকভাৱে এখন লিখিত এজাহাৰ দাখিল কৰা হৈছে। সংগঠনটোৱে ঘটনাটোৰ সঠিক তদন্ত আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
সম্প্ৰতি এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে আৰু আৰক্ষীয়ে বিষয়টোত তদন্ত আৰম্ভ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।
