তেজপুৰস্থিত শোণিতপুৰ জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ উদ্যোগত বাণিজ্য দিৱস উদযাপন কৰা হয়। এই উপলক্ষে সদাগৰ ভোলানাথ বৰুৱাৰ ১০৩ সংখ্যক মৃত্যুবাৰ্ষিকীও যথাযোগ্য মৰ্যাদাৰে পালন কৰা হয়।
অনুষ্ঠানৰ অংশ হিচাপে এক মুকলি ৰাজহুৱা সভাৰ আয়োজন কৰা হয়। সভাৰ আৰম্ভণিতে প্ৰয়াত জনপ্ৰিয় সংগীতকাৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে সদাগৰ ভোলানাথ বৰুৱাৰ স্মৃতিত এক মিনিট নীৰৱতা পালন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একালৰ ছাত্ৰ, যুৱ সুবক্তা আৰু গৱেষক ত্ৰিদিব ভাগৱতী, উপদেষ্টা ৰবিন শৰ্মা, এ জি পি নেতা প্ৰশান্ত সাগৰ চাংমাই, সভাপতি বিনন্দ বৰা আদি। লগতে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, হিৰণ্য ভূঞা, পবিত্ৰ কলিতা, সম্পাদক লাচিত পাঠক, বাণ থিয়েটাৰৰ সম্পাদক জিতুমনি দেৱচৌধুৰী আদি বিশিষ্ট ব্যক্তি সভাত উপস্থিত থাকে।
এই অনুষ্ঠানত বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰি আৰু অভিভাৱকৰ উপস্থিতি লক্ষ্য কৰা যায়। সভাৰ অন্তত ছাত্ৰ-ছাত্ৰিসকলক সম্বৰ্ধনা জনোৱা হয় আৰু তেওঁলোকক আগন্তুক জীৱনত সফলতা লাভৰ বাবে উৎসাহিত কৰা হয়।
অনুষ্ঠানটো সুকলমে সম্পন্ন কৰাৰ বাবে আয়োজকসকলে সকলোৰে সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
