ভুল চিকিৎসাৰ অভিযোগ! অস্ত্ৰোপচাৰৰ পিছতো পেটত ৰৈ গ’ল DJ Stent আৰু পাথৰ, সৰ্বস্বান্ত যুৱকৰ অভিযোগ উত্তৰ গুৱাহাটী মাল্টিস্পেচিয়েলিটি হাস্পাতালৰ বিৰুদ্ধে ।North Guwahati Multi-speciality Hospital

ভুল চিকিৎসাৰ অভিযোগ! অস্ত্ৰোপচাৰৰ পিছতো পেটত ৰৈ গ’ল DJ Stent আৰু পাথৰ, সৰ্বস্বান্ত যুৱকৰ অভিযোগ উত্তৰ গুৱাহাটী মাল্টিস্পেচিয়েলিটি হাস্পাতালৰ বিৰুদ্ধে ।North Guwahati Multi-speciality Hospital

North Guwahati Multi-speciality Hospital । ৰাজ্যত ব্যক্তিগত চিকিৎসালয় আৰু নাৰ্চিং হোমসমূহক লৈ পুনৰ উত্থাপিত হৈছে চিকিৎসা গাফিলতিৰ অভিযোগ। এইবাৰ আমিনগাঁৱৰ উত্তৰ গুৱাহাটী মাল্টিস্পেচিয়েলিটি হাস্পাতালৰ বিৰুদ্ধে ভুল চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ গাফিলতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নলবাৰী জিলাৰ মৰোৱাৰ মাধপুৰৰ এজন যুৱকে।

অভিযোগ অনুসৰি, ৰচিদ আহমেদ নামৰ যুৱকজনে পেটত পাথৰজনিত সমস্যাৰ বাবে আমিনগাঁৱৰ উত্তৰ গুৱাহাটী মাল্টিস্পেচিয়েলিটি হাস্পাতালত ভৰ্তি হৈছিল। ডাঃ ছফিকুল হকৰ তত্বাৱধানত তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল আৰু পাথৰ উলিয়াই দিয়া হৈছিল বুলি পৰিয়ালৰ দাবী।

কিন্তু কিছুদিন পিছত পুনৰ কিডনী আৰু পেচাবজনিত সমস্যাত ভুগিবলৈ আৰম্ভ কৰে ৰচিদ। ইয়াৰ পিছত তেওঁ জ্যেষ্ঠ চিকিৎসক ডাঃ মধু ৰাম বৈশ্যৰ পৰামৰ্শ অনুসৰি ইউৰোলজিষ্ট বিশেষজ্ঞ ড° পৰাগমনি তালুকদাৰৰ ওচৰলৈ যায়।

পৰৱৰ্তী চিকিৎসা আৰু পৰীক্ষাত অভিযোগ অনুসৰি চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। ৰচিদৰ পৰিয়ালৰ দাবী অনুসৰি, পূৰ্বৰ অস্ত্ৰোপচাৰৰ পিছতো তেওঁৰ শৰীৰৰ ভিতৰত এডাল DJ Stent আৰু এটা পাথৰ ৰৈ গৈছিল, যাৰ ফলত তেওঁ তীব্ৰ পেটৰ বিষ আৰু পেচাবজনিত সমস্যাত ভুগি আহিছিল।

ভুক্তভোগী যুৱক ৰচিদ আহমেদে অভিযোগ কৰে যে, এই ভুলৰ বাবে তেওঁ আৰ্থিকভাৱে সৰ্বস্বান্ত হৈ পৰিছে। চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা ক্ষতিপূৰণ বিচৰাত উল্টা দাবী-ধমকি দিয়া হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে তেওঁ।

উল্লেখযোগ্য যে, এই অভিযোগসমূহ স্বতন্ত্ৰভাৱে নিশ্চিত হোৱা নাই আৰু অভিযুক্ত চিকিৎসক বা চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰতিক্ৰিয়া এতিয়াও লাভ হোৱা নাই।

এই ঘটনাই পুনৰ এবাৰ ব্যক্তিগত চিকিৎসালয়সমূহত চিকিৎসা সেৱাৰ মানদণ্ড আৰু জবাবদিহিতাক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top