অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। অৱশেষত চূড়ান্ত ৰূপ লাভ কৰিলে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত নিৰ্বাচনী মিত্ৰতা। আজি অনুষ্ঠিত যৌথ সংবাদমেলত কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে।

মিত্ৰতা অনুসৰি, কংগ্ৰেছে মুঠ ১১খন বিধানসভা সমষ্টি ৰাইজৰ দললৈ এৰি দিব। ইয়াৰ ভিতৰত মাৰ্ঘেৰিটা সমষ্টিও অন্তৰ্ভুক্ত আছে। এই সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল চেত্ৰীয় উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব।
ইফালে, দুয়োটা দলৰ মাজত বুজাবুজিৰ ভিত্তিত ২টা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাও হ’ব বুলি ঘোষণা কৰা হয়। এই ব্যৱস্থাই দুয়োটা দলৰ মাজত সমন্বয় বজাই ৰাখি বিজেপিৰ বিৰুদ্ধে একজোটে যুঁজ দিয়াৰ লক্ষ্য লোৱা হৈছে।
সংবাদমেলত গৌৰৱ গগৈ আৰু অখিল গগৈয়ে কয় যে এই মিত্ৰতা ৰাজ্যত গণতান্ত্ৰিক শক্তিক অধিক শক্তিশালী কৰিব আৰু আগন্তুক নিৰ্বাচনত জনতাৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিব।
এই মিত্ৰতাৰ জৰিয়তে অসমত নিৰ্বাচনী ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা গৈছে।
