Zubeen Garg Death Case । অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ পুনৰ এক নতুন পাক। ছিংগাপুৰৰ পৰা আহি CID কাৰ্যালয়ত উপস্থিত হোৱা ছিংগাপুৰত বসবাস কৰা প্ৰবাসী অসমীয়া ৰূপকমল কলিতাৰ ভাষ্যই তদন্তক লৈ আহিছে নতুন দিশত।

সূত্রৰ তথ্য অনুসৰি, ৰূপকমল কলিতাই CIDৰ তদন্তকাৰী দলেৰ আগত দিয়া বক্তব্যত কিছুমান নতুন নাম উত্থাপন কৰিছে, যিসমূহে তদন্তক অধিক জটিল কৰি তুলিছে।
প্ৰথমতে ৭গৰাকী প্ৰবাসী অসমীয়াক CID/SIT দলৰ দ্বাৰা চমন জনোৱা হৈছিল, কিন্তু এতিয়া SITৰ নজৰত আহিছে আন ৩গৰাকী প্ৰবাসী অসমীয়াৰ নামও। ফলস্বৰূপে মুঠ ১০গৰাকী ছিংগাপুৰস্থ অসমীয়াক অসম CIDত হাজিৰ হোৱাৰ চমন জাৰি কৰা হৈছে।

সন্ধানসূত্রে জনা মতে, এইসকলৰ সৈতে জুবিন গাৰ্গৰ ছিংগাপুৰত শেষ দিনবোৰত হোৱা যোগাযোগ আৰু কিছু ব্যক্তিগত বৈঠকৰ তথ্য এতিয়া তদন্তকাৰী দলে গভীৰভাৱে পৰ্যালোচনা কৰিছে। CIDৰ শীৰ্ষসূত্ৰৰ মতে, এই সাক্ষ্য আৰু বক্তব্যসমূহে গোচৰৰ দিশ সম্পূৰ্ণ ৰূপে সলনি কৰাৰ সম্ভাৱনা দেখুৱাইছে।
জুবিন গাৰ্গৰ মৃত্যুৰ রহস্য উন্মোচন কৰিবলৈ CIDৰ বিশেষ তদন্ত দল (SIT) এতিয়া অধিক সক্ৰিয় হৈ পৰিছে। ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলৰ একে পিছপিছ হাজিৰা তদন্তৰ কেন্দ্ৰবিন্দু হৈ উঠিছে।
অসমবাসীহে আজি নজৰ ৰাখিছে—ৰূপকমল কলিতাৰ এই ভাষ্যই জুবিন গাৰ্গৰ মৃত্যুৰ গুপ্ত অধ্যায় উন্মোচন কৰিব নে আৰু নতুন কাকতীয় মোড় দিব এই বহুল চর্চিত গোচৰক?
