Shyamkanu Mahanta : জুবিন গাৰ্গৰ হত্যাৰ গোচৰত বৰ্তমান CIDৰ জিম্মাত থকা অন্যতম অভিযুক্ত শ্যামকানু মহন্ত। ১৪ দিনৰ জিম্মাত থকা শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ খবৰ ল’বলৈ প্ৰায় প্ৰতিদিনেই CID কাৰ্যালয়ত উপস্থিত হৈ থাকে শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্ত।

কোনোবা দিনা খাদ্যৰ টোপোলা, কোনোবা দিনা কাপোৰৰ টোপোলা, কোনোবা দিনা কিতাপৰ মাজত চিঠি, আবার কোনোবা দিনা হাতত তুলসীৰ পাত লৈ CID কাৰ্যালয়ত দেখা যায় তেওঁক। অৱশ্যে, চিআইডিৰ আধিকাৰীয়ে অনিতা ডেকা মহন্তে নিয়া সকলো সামগ্ৰী পৰীক্ষাৰ অন্তত ওভতাই পঠিয়াইছে বুলি সূত্ৰৰ দাবী।

সূত্ৰমতে, কিতাপৰ মাজত থকা চিঠিত অনিতা ডেকা মহন্তে লিখি নিছিল শাস্ত্ৰৰ কেইটামান শ্লোক। সেই চিঠিত উল্লেখ আছিল যে এই শ্লোকবোৰ দিনে ৪–৫ বাৰ পঢ়িবলৈ। যদিও চিঠিখনৰ অন্তৰ্ভূত অৰ্থ বা গুপ্ত বাৰ্তাৰ বিষয়ে CID বৰ্তমানলৈ একো প্ৰকাশ কৰা নাই।

ইয়াৰ মাজতেই নতুনকৈ পোহৰলৈ আহিছে আন এটা তথ্য। শ্যামকানু মহন্তৰ বাসগৃহৰ ওপৰ মহলাত ওলমি থকা দেখা গৈছে এক জোড়া হাৱাই চেণ্ডেল। স্থানীয়বাসীৰ ভাষ্যমতে, চেণ্ডেল ওলমোৱা মানে অপশক্তি দূৰ কৰিবলৈ বা ‘নজৰ নলগাৰ’ বিশ্বাসত কৰা এক ধৰ্মীয় আচাৰ।
