Zubeen Garg Death Mystery । অসমবাসীৰ হিয়াৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত পুনৰ এক ডাঙৰ পৰিৱর্তন। অবশেষত CIDয়ে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা বকো সমজিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ২০ দিন পাছত এই গ্ৰেপ্তাৰৰ ঘটনা সংঘটিত হয়।

সূত্রমতে, জুবিন গাৰ্গৰ মৃত্যুৰ সময় সন্দীপন গাৰ্গ ছিংগাপুৰত উপস্থিত আছিল আৰু ইয়টত থকা প্ৰতিমূহৰ্তৰ সাক্ষী আছিল। ঘটনাৰ পিছত CIDয়ে সন্দীপন গাৰ্গক একাধিকবাৰ জেৰাৰ বাবে উপস্থিত হবলৈ কৈছিল। পাঁচবাৰ জেৰাৰ অন্তত CIDয়ে অবশেষত তেওঁক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত এতিয়ালৈকে মোট পাঁচজন অভিযুক্তক CIDয়ে গ্ৰেপ্তাৰ কৰিছে। সিহঁত হ’ল — শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, শেখৰ গোস্বামী আৰু এতিয়া সন্দীপন গাৰ্গ।

CIDয়ে সন্দীপন গাৰ্গক আদালতলৈ লৈ গৈছিল আৰু তেওঁক অধিক তদন্তৰ বাবে হিৰাছত লৈ থকাৰ সম্ভাৱনা আছে। জুবিন গাৰ্গৰ মৃত্যুৰ পৰ্দা উদঘাটনলৈ এই গ্ৰেপ্তাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ধাৰণা কৰা হৈছে।

